Large black market in urea in Sonitpur:
শোণিতপুৰ জিলাত একাংশ ব্যৱসায়ীয়ে কৃত্রিম নাটনি সৃষ্টিৰে ৰাজসাহায্যযুক্ত ইউৰিয়াক লৈ বৃহৎ ক’লা ব্যৱসায় গঢ়ি তুলিছে। চৰকাৰী ইউৰিয়াক লৈ জিলাখনৰ ঢেকিয়াজুলি, ঠেলামৰা, বৰছলা, শিঙৰী, চিতলমাৰী আদি অঞ্চলত ক’লা বজাৰ গঢ়ি উঠিছে। একাংশ অসাধু ব্যৱসায়ীয়ে দৌৰাত্ম্য চলাই ৰাজসাহায্যযুক্ত ২৬৬ টকীয়া ইউৰিয়াৰ বস্তা পাঁচশৰ পৰা ছশ টকাত বিক্ৰী কৰিছে।
যিহেতু ইউৰিয়া অবিহনে খেতি কৰাটো একপ্ৰকাৰ অসম্ভৱ হৈছে, গতিকে উচ্চ হাৰতে বহু কৃষকে ইউৰিয়া ক্ৰয় কৰিছে। জিলাখনত দীর্ঘদিন ধৰি অসাধু ব্যৱসায়ীয়ে এনেদৰে কৃষকসকলৰ ওপৰত লুণ্ঠন চলাই আহিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজসাহায্যযুক্ত বাসায়নিক সাৰ অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদৰ জৰিয়তে বিতৰণ কৰি আহিছে। কৃষি বিপণন পৰিষদে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীক ৰাজসাহায্যযুক্ত সাৰ যোগান ধৰে। অৱশ্যে যোৱা নৱেম্বৰৰ পৰা শোণিতপুৰ জিলাত কৃষি সামগ্রী বিপণন পৰিষদৰ জৰিয়তে সাৰৰ যোগান বন্ধ হৈ আছে।
আনহাতে, সাৰ কোম্পানীসমূহে প্রত্যক্ষভারে পাইকাৰী বিক্রেতাক ৰাজসাহায্যযুক্ত সাৰৰ যোগান ধৰি আহিছে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে ইউৰিয়াক লৈ ক’লা বজাৰ গঢ়ি তুলিছে। ইয়াকে কৰিবলৈ ব্যৱসায়ীসকলে ইউৰিয়াৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰিছে। স্থানীয় কৃষকসকলে অভিযোগ কৰা ডিলাৰশ্বিপৰ জৰিয়তে ইউৰিয়া বিতৰণ আৰম্ভ হোৱাৰ পাছতে জিলাখনত ইউৰিয়াক লৈ কৃত্রিম নাটনিৰ সৃষ্টি হৈছে।
‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ আহে যে ঢেকিয়াজুলিৰ শিঙৰী অঞ্চলৰ এজন খুচুৰা ব্যৱসায়ীয়ে দোকানত ইউৰিয়া মজুত থকাৰ পাছতো কৃষকক ইউৰিয়া নাই বুলি জনায়। এনেদৰে একাংশ ব্যৱসায়ীয়ে ইউৰিয়াৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰিছে। পৰিণতিত কৃষকসকলে অধিক দামত ইউৰিয়া ক্ৰয় কৰিবলগীয়া হৈছে। ফলত উৎপাদিত কৃষি সামগ্ৰীৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে।
উপায়ান্তৰ কৃষকসকলে ৰাজসাহায্যযুক্ত ইউৰিয়াক লৈ চলা ক’লা বজাৰ বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাইছে। এই সম্পৰ্কত চিতলমাৰীৰ কৃষক হবিবুৰ ৰহমানে কয়, ‘আমি বাধ্য হৈ অধিক দামত ইউৰিয়া কিনিবলগীয়া হৈছে। যদি চৰকাৰে তাৎক্ষণিক ব্যৱস্থা নলয় তেন্তে আমাৰ খেতিপথাৰৰ ক্ষতি হ’ব।’ একেদৰে আন এজন কৃষক ৰফিকুল ইছলামে কয়, ‘অধিক দাম আৰু ইউৰিয়াৰ অভাৱৰ বাবে আমি যথা সময়ত কৃষি-শস্যত ইউৰিয়া প্রয়োগ কৰিব নোৱাৰো। চৰকাৰ-প্রশাসনে ব্যৱস্থা গ্রহণ কৰা উচিত।’