14,000 increase in a 15 days:এপষেকতে ১৪ হেজাৰ বৃদ্ধিঃ ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাই ৩৫.৮৯ লাখ

বিনিয়োগ সম্মিলনে স্পর্শ কৰিবলৈ সক্ষম হ'বনে এই জ্বলন্ত সমস্যাক ?

unemply

14,000 increase in a 15 days:

ৰাজ্যত দ্রুতগতিত বৃদ্ধি পাইছে পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা। যোৱা ১৫ দিনত পুনৰ ১৪,০৮২ জন বৃদ্ধিৰে আজিৰ দিনটোত অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ৩৫ লাখ ৮৮ হেজাৰ ৭৭ জন।

নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি, ২০২৩ৰ তিনি ডিচেম্বৰ পৰ্যন্ত ৰাজ্যখনত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ তিনি হেজাৰ ২৫ জন। চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত সৰ্বকালৰ অভিলেখ ভংগ কৰি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই ৩৫ লাখ ৭৩ হেজাৰ ৯৯৫ জনত ভৰি দিয়ে। এই ১৫ দিনত ইয়াৰ সংখ্যা আৰু ১৪ হেজাৰ বৃদ্ধি পায়। এই মুঠ পঞ্জীনয়ভুক্ত নিবনুৱাৰ ভিতৰত ৩,০৩,৩৬০ জনে স্বনিয়োজনৰ বাট প্রশস্ত কৰাৰ লগতে ৩১,৪৫,৯৪০ জন সম্পূর্ণৰূপে নিবনুৱা বুলি বিভাগীয় তথ্যত পোহৰলৈ আহিছে।

পঞ্জীয়নভুক্ত এই নিবনুৱাসকলৰ ভিতৰত ১,০৬,৩৪০ জন স্নাতকোত্তৰ ডিগ্রীধাৰী, ৮০৪জন ডক্টৰেট ডিগ্রীধাৰী, ২,৪৮৩ জন পিজি ডিপ্লমা, ১৪,১১৭ জন আইটিআই, ৭,৩৫,৩৮০ জন স্নাতক ডিগ্রীধাৰী, ২৩,০৪৬জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ হৈ ডিপ্লমা, ৫,৭৭৩ জন মেট্রিক উত্তীর্ণ হৈ ডিপ্লমা, ১৩,০০,১০৪ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ, ৪,৮৮,৫৯৩জন দশম শ্রেণী উত্তীর্ণ লোক আছে।

উল্লেখ্য যে ৰাজ্যখনত দ্রুতহাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধিত শ্রমিক সংগঠন চিআইটিইউৰ অসম ৰাজ্যিক কমিটীৰ উপ-সভাপতি বীৰেন শর্মাই উদ্বেগ প্রকাশ কৰি এই বিষয়টোত বিশেষভাৱে গুৰুত্ব দিবলৈ চৰকাৰক দাবী জনায়। তেওঁ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিনিয়োগ সম্মিলন এডভান্টেজ আছামে নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব নে বুলি প্রশ্ন উত্থাপন কৰি কয় যে ৰাজ্যখনত নিবনুৱাৰ সংখ্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই ক্ষেত্রত শীঘ্রে চিন্তা-চর্চা নকৰিলে অনাগত দিনত এক ভয়ানক পৰিৱেশৰ সূচনা হ’ব।

তেওঁ কয়, ‘দ্বিতীয়বাৰলৈ এডভান্টেজ আছাম অনুষ্ঠিত হৈছে। সৰ্বানন্দ সোণোৱালৰ দিনত প্ৰথমবাৰলৈ এডভান্টেজ আছাম পাতিছিল। বহু জাক-জমকতা দেখিলো যদিও ক’ত কি বিনিয়োগ হৈছিল দেখা নাপালো। এইবাৰ ৰাজ্য চৰকাৰে যথেষ্ট টকা-পইচা খৰচ কৰি এক পৰিৱেশ সৃষ্টি কৰিছে; কিন্তু ইয়াৰ ফলত অসমৰ ৰাইজ কিমান উপকৃত হ’ব ইয়াত সন্দেহ আছে। এই সম্মিলনত ডাঙৰ ডাঙৰ উদ্যোগপতি আহিছে যদিও কার্যত অসমৰ কিমান নিবনুৱাই সংস্থাপন পাব, সেয়াহে মূল কথা।

কিয়নো আজি অসমত পঞ্জীয়নভুক্ত নিবনুৱাই ৩৬ লাখত ভৰি দিলে। এইটো সাধাৰণ কথা নহয়। তাতে চৌদিশে আকাশলংঘী মূল্যবৃদ্ধি। হেজাৰ হেজাৰ শ্রমিক-কর্মচাৰীয়ে আজিও ন্যূনতম মজুৰিৰ পৰা বঞ্চিত হৈ আজি হাহাকাৰ কৰিবলগীয়া হৈছে।’ শর্মাই লগতে কয় যে অলেখ কষ্ট কৰি পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক পঢ়ুৱাইছে; কিন্তু পঢ়ি উঠি কৰিবলৈ কাম নাই। বহুতে আজি গাঁও এৰি চহৰলৈ ঢাপলি মেলিছে, বহুজনে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। গুৱাহাটীতে কিমানজন স্নাতক, স্নাতকোত্তৰ ডিগ্রীধাৰী আজি বাহন চলাই, হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে।

এতিয়া এডভান্টেজ আছামৰ জৰিয়তে যে লাখ লাখ কোটি টকাৰ বিনিয়োগ কৰা হ’ব বুলি কোৱা হৈছে, ইয়াৰ সন্দেহ আছে যদিও যদি হয় অসমৰ কিমান যুৱক-যুৱতীয়ে কর্ম সংস্থাপন পাব সেয়াহে মূল বিষয়। কিয়নো বিনিয়োগকাৰীয়ে বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰি তেওঁলোকৰ লাভাংশ লৈ যাব; কিন্তু অসমৰ নিবনুৱাসকলৰ সংস্থাপনৰ পথ প্রশস্ত হ’ব নে নাই এই দিশটো এতিয়া স্পষ্ট হোৱা নাই বুলি শ্রমিক নেতাজনে মন্তব্য কৰি কয়, ‘বিগত কে’বাবছৰ ধৰি বহু সৰু-বৰ উদ্যোগ বন্ধ হৈছে আৰু ইয়াৰ ফলত নিবনুৱা সংখ্যা বৃদ্ধি পাইছে। আজিৰ দিনত বহু চিকিৎসালয় হ’ল; কিন্তু তাত চিকিৎসক নাই বা উপযুক্ত সুবিধা নাই।

এডভান্টেজ আছামো এনে হ’ব নেকি মনত সন্দেহ হৈছে। আমি উন্নয়নৰ বিৰোধিতা নহয়; কিন্তু উন্নয়নে অসমীয়া যুৱক-যুৱতীৰ সংস্থাপনৰ পথ প্রশস্ত কৰিব লাগিব। আজি স্নাতক ডিগ্রী ধাৰীয়ে চাফাই কর্মীৰূপে নিয়োজিত হ’বলগীয়া হৈছে।’ উল্লেখ্য যে শ্রমিকনেতাজনে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰক বিশেষ গুৰুত্ব প্রদান কৰিবলৈ দাবী জনায়।

Exit mobile version