Advantage Assam 2.0:চাৰে আঠ হেজাৰটকীয়া প্রতিসাঁজ খাদ্যৰে অতিথি আপ্যায়ন

মেক্সিকান চিলি ৰাইচৰ পৰা গাজৰ হালোৱালৈ ৩৫ বিধ ব্যঞ্জন

advantage assam foods

Advantage Assam 2.0:

অসম চৰকাৰৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত বহু চর্চিত ‘এডভান্টেজ আছাম ২.০’ৰ বুধবাৰে সামৰণি পৰে।

দুদিনীয়াকৈ অনুষ্ঠিত এই বিশ্ব বিনিয়োগ সম্মিলনত অংশগ্ৰহণকাৰী দেশী-বিদেশী প্রতিনিধিয়ে ৰাজ্যৰ নৈসর্গিক শোভা প্রত্যক্ষ কৰাৰ লগতে বিভিন্ন সুস্বাদু খাদ্যৰো জুতি লয়। খানাপাৰত অনুষ্ঠিত সম্মিলনৰ মূল অনুষ্ঠানত দেশ-বিদেশৰ অতিথিক আপ্যায়ন কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লয় ইয়াৰ আয়োজক ৰাজ্য চৰকাৰে।

বিনিয়োগ সম্মিলনস্থলীত পৃথকে পৃথকে সাজি উলিওৱা হয় কে’বাটাও বৃহৎ খাদ্যগৃহ, য’ত বিবিধ ব্যঞ্জনৰ জুতি লয় প্রতিনিধিসকলে। ইয়াৰ খাদ্য তালিকাত আছিল মেক্সিকান চিলি ৰাইচৰ পৰা গাজৰ হালোৱালৈ। অৱশ্যে বিদেশী উদ্যোগপতি আৰু দেশৰ শীৰ্ষ উদ্যোগপতি তথা ভিভিআইপিৰ বাবে অতিৰিক্তভাৱে বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হয়।

তাৰ মাজতে অন্যতম চৰ্চাৰ বিষয়টো হৈছে যে ইয়াত যোগান ধৰা প্ৰতি প্লেট খাদ্যৰ বাবদ সর্বাধিক ব্যয় ধাৰ্য কৰা হয় চাৰে আঠ হেজাৰ টকা। ভিভিআইপি, ভিআইপিক এই খাদ্য যোগান ধৰা হয়। ইয়াৰ বিপৰীতে পাটকাই খাদ্যগৃহকে ধৰি আন দুই-তিনিটা খাদ্যগৃহত যোগান ধৰা প্ৰতি প্লেট খাদ্যৰ বাবদ ব্যয় কৰা হয় ২৫শ টকাকৈ। অর্থাৎ এই সম্মিলনত প্রতিসাঁজ খাদ্য ২৫শ টকাৰ পৰা চাৰে আঠ হেজাৰ টকাত যোগান ধৰা হয়।

উল্লেখ্য যে এই সম্মিলনত ব্যক্তি বিশেষকে পৃথকে পৃথকে খাদ্যব যোগান ধৰা হয়। দায়িত্বত থকা কে’বাজনো কৰ্মচাৰীয়ে সদৰী কৰা অনুসৰি, ২৫শৰ পৰা ৪,৪০০ টকীয়া প্রতিপ্লেট নিৰামিষ খাদ্যত প্রায় ৩৫ বিধ ব্যঞ্জন যোগান ধৰা হৈছিল, য’ত ইণ্ডিয়ান আৰু চাইনীজ খাদ্য আছিল।

ইয়াৰ ভিতৰত অন্যতম কেইবিধমান ব্যঞ্জন হৈছে ক্রমে জহা ৰাইচ, মেক্সিকান চিলি ৰাইচ, নেমু ধনীয়াৰ চুপ, গোমধানৰ চুপ, বেংগন চোখা, আলু পিটিকা, অমৃতসৰী আলু বদিয়ান, ভজা মছলা দিয়া আলু দম, কঢ়াই চজি, কধি পাকডি, সৰু আলু-শাক ভাজি, ডালমা, চোলাৰ দাইল, ফুলকবি ৰ’ষ্ট কটেজ চীজ আৰু জলকীয়া ক’লা বীন চচ, বার্ণ গাৰলিক নুডলছ, ষ্ট্র ফাইড ভেজিটেবুলছ ইন মিল্ড গাৰলিক চচ, বজৰে কা খীৰ, গাজৰ হালোৱা, ফিৰিনি। ইয়াৰ উপৰি কে’বাবিধ চালাদ, পনীৰ তৰকাৰী, মিঠাই, বাটাৰ নানৰ জুতি ল’লে উপস্থিত প্রতিনিধিয়ে।

Exit mobile version