Volodymyr Zelenskyy US Visit:
শুকুৰবাৰে আমেৰিকা ভ্ৰমণ কৰিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি । বুধবাৰে এই কথা জানিবলৈ দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত বুধবাৰে প্ৰথমখন কেবিনেট বৈঠকত বহে ট্ৰাম্প। একেখন বৈঠকতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে জেলেনস্কিৰ ৱাশ্বিংটন ভ্ৰমণৰ কথা ঘোষণা কৰে।
শেহতীয়াকৈ ইউক্ৰেইনে আমেৰিকাৰ স’তে খনিজ বিতৰণ চুক্তি চূড়ান্ত কৰিবলৈ সন্মত হৈছে। যদিও প্ৰথম অৱস্থাত কিয়েভে এই খনিজ চুক্তিৰ বিৰুদ্ধে আপত্তি কৰে, পাছলৈ এই চুক্তিখন চূড়ান্ত কৰিবলৈ সন্মত হয়। চুক্তিখনৰ এই জল্পনা-কল্পনাৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আমেৰিকা ভ্ৰমণ কৰিবলৈ ওলাইছে।
উল্লেখ্য যে,, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ পৰিস্থিতিৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিত সামান্য পৰিৱৰ্তন হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিইৰ জেলেনস্কিৰ আপত্তিক লৈ ছৌদি আৰৱত যুদ্ধ বিৰতিৰ বাবে ৰাছিয়াৰ প্ৰতিনিধিৰ স’তে বৈঠকত মিলিত হৈছে ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলে। আনকি ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইন আমেৰিকা নেতৃত্বাধীন সামৰিক মিত্ৰজোঁট নাটোৰ সদস্য হোৱাতো আপত্তি প্ৰকাশ কৰিছে।
এনে পৰিস্থিতিত ইউক্ৰেইনৰ উপ-প্ৰধানমন্ত্ৰী ওলহা ষ্টেফানিশিনাই শেহতীয়াকৈ জনাই যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে খনিজ চুক্তিৰ সন্দৰ্ভত তেওঁলোকৰ আলোচনা আগবাঢ়িবলৈ আৰম্ভ কৰিছে। এই মাহৰ আৰম্ভণিতে, জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক সাহায্যৰ বিনিময়ত ইউক্ৰেইনৰ খনিজ পদাৰ্থৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অগ্ৰাধিকাৰ চুক্তি প্ৰত্যাখ্যান কৰে।
বুধবাৰে, ট্ৰাম্পে ঘোষণা কৰে যে জেলেনস্কিয়ে শুক্ৰবাৰে ৱাশ্বিংটন ভ্ৰমণ কৰিব। তেনে ক্ষেত্ৰত, দুয়োখন ৰাজ্যৰ নেতাৰ মাজত হোৱা আলোচনাত খনিজ ভাগ-বতৰা চুক্তি কথা আলোচনা হয় নে নাই সেয়া লক্ষ্য কৰা হ’ব। লগতে ৰাছিয়াৰ স’তে যুদ্ধৰ পৰিস্থিতিক লৈ কোনো আলোচনা হ’ব নে নাই তাক লৈও জল্পনা-কল্পনা আৰম্ভ হৈছে ।