Facebook Post:ফেচবুকত প’ষ্ট কৰাৰ অপৰাধত ৩০ মাহৰ কাৰাদণ্ড সাংবাদিকৰ !

vietnam

Facebook Post:

ফেচবুকত “চৰকাৰ বিৰোধী” প’ষ্ট দিয়াৰ অভিযোগত ভিয়েটনামৰ এজন আগশাৰীৰ সাংবাদিক তথা কিতাপ লেখকক ৩০ মাহৰ কাৰাদণ্ড প্ৰদান কৰিছে দেশখন আদালতে ।

দেশখনৰ ৰাজধানী হানয়ৰ এখন আদালতত কেবা ঘণ্টাৰ বিচাৰৰ কাৰ্যক্ৰমৰ পাছত “গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰা আৰু ৰাজ্যৰ স্বাৰ্থ ক্ষুন্ন কৰাৰ অভিযোগত হুই ডুকক দোষী সাব্যস্ত কৰা হয় । ৬৩ বছৰীয়া হুই ডাক ভিয়েটনামৰ অন্যতম জনপ্ৰিয় ব্লগাৰ। ইউটিউবত ডুয়ং ভান থাইৰ প্ৰায় এক লাখ ২০ হেজাৰ ফলোৱাৰ আছে, য’ত তেওঁ নিয়মিতভাৱে চৰকাৰ বিৰোধী লাইভষ্ট্ৰিম কৰে।

ভিয়েটনাম নিউজ এজেন্সীয়ে উদ্ধৃত অভিযোগনামাত প্ৰকাশ পাইছে যে হুই ডাকে ফেচবুকত ১৩টা লেখা প্ৰকাশ কৰিছে। লেখাবোৰে যথেষ্ট সংখ্যক লাইক, কমেন্ট লাভ কৰে। বহুতে প’ষ্টবোৰ শ্বেয়াৰো কৰিছে। যি সামাজিক শৃংখলা আৰু নিৰাপত্তাৰ ওপৰত পৰে। নেতিবাচক প্ৰভাৱ পেলাইছে। মিডিয়া ফ্ৰীডম গ্ৰুপ ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰচ (আৰএছএফ)য়ে জনাই যে হুই ডুকৰ প্ৰবন্ধবোৰ “তথ্যৰ অমূল্য উৎস যি ভিয়েট নামৰ লোকসকলক হানয় চৰকাৰৰ পৰা চেঞ্চৰ কৰা তথ্য প্ৰাপ্ত কৰিবলৈ অনুমতি দিয়ে।”

সেনাৰ প্ৰাক্তন জ্যেষ্ঠ লেফটেনেণ্ট হুই ডুকৰ প্ৰকৃত নাম ট্ৰুয়ং হুই চান। তেওঁ পূৰ্বতে এখন চৰকাৰী বাতৰি কাকতৰ বাবে কাম কৰিছিল। ২০০৯ চনত ভিয়েটনামৰ প্ৰাক্তন কমিউনিষ্ট মিত্ৰ ছোভিয়েট ইউনিয়নৰ অতীতৰ কাৰ্যকলাপক সমালোচনা কৰাৰ বাবে তেওঁক ৰাজ্যিক সংবাদ সংস্থাৰ পৰা বৰ্খাস্ত কৰা হয়।

হুই ডুকে তেতিয়া ভিয়েটনামৰ দুৰ্নীতি, সংবাদ মাধ্যম নিয়ন্ত্ৰণ আৰু চীনৰ স’তে সম্পৰ্ক, আৰু কমিউনিষ্ট নেতাসকলক সমালোচনা কৰাকে ধৰি বিভিন্ন বিষয়ত লিখিবলৈ আৰম্ভ কৰে। তাৰ পাছৰে পৰা তেওঁ দেশৰ আটাইতকৈ জনপ্ৰিয় ব্লগাৰসকলৰ মাজৰ এজন হৈ পৰে। তেওঁৰ লিখনিবোৰেও ফেচবুকত জনপ্ৰিয়তা লাভ কৰে।

২০১২ চনত, হুই ডুকে নিমান ফেলোশ্বিপৰ অধীনত এবছৰৰ বাবে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। তাত থাকোঁতে, তেওঁ ‘দ্য উইনিং চাইড’ নামৰ এখন কিতাপ লিখে। কিতাপখনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে যুদ্ধৰ পাছত ভিয়েটনামৰ জীৱনৰ বৰ্ণনা কৰিছে। উল্লেখ্য যে হুই ডুকে প্ৰথম নহয় ইয়াৰ পূৰ্বেও ভিয়েটনামত এজন ব্লগাৰক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

কেইমাহমানৰ আগতে ব্লগাৰ ডুয়ং ভান থাইক ৰাষ্ট্ৰ বিৰোধী তথ্য প্ৰকাশ কৰাৰ অপৰাধত ১২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।ইয়াৰ উপৰিও জানুৱাৰী মাহত এজন বিশিষ্ট প্ৰাক্তন অধিবক্তাকো ‘ফেচবুকত পষ্ট কৰা’ৰ অপৰাধত তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল।ভিয়েটনামত কোনো মুক্ত সংবাদ মাধ্যম নাই আৰু যিকোনো ভিন্নমত কঠোৰভাৱে দমন কৰা হয়। মানৱ অধিকাৰ কৰ্মীসকলে জনাই যে ভিয়েটনাম চৰকাৰে শেহতীয়া বছৰবোৰত নাগৰিক সমাজৰ ওপৰত ইয়াৰ অভিযান তীব্ৰতৰ কৰিছে।

আৰ এছ এফৰ তথ্য অনুসৰি সাংবাদিকক কাৰাগাৰত বন্দী কৰাৰ ক্ষেত্ৰত ভিয়েটনাম বিশ্বৰ অন্যতম শীৰ্ষ দেশ। ডিচেম্বৰত, ভিয়েটনামে এক নতুন ডিজিটেল আইন প্ৰণয়ন কৰে যাৰ বাবে ফেচবুক আৰু টিকটকে ব্যৱহাৰকাৰীৰ পৰিচয় পৰীক্ষা কৰি তেওঁলোকৰ তথ্য কৰ্তৃপক্ষক হস্তান্তৰ কৰিব লাগে।

Exit mobile version