Karnataka:
কৰ্ণাটকত ইডলি তৈয়াৰ কৰাত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে বৃহস্পতিবাৰে ৰাজ্যৰ সকলো হোটেললৈ এই নিৰ্দেশ জাৰি কৰে। তেওঁ দাবী কৰে , ইয়াত কাৰ্চিনোজেনিক উপাদান আছে। কাৰ্চিনোজেন হৈছে এনে এবিধ পদাৰ্থ যিয়ে কেন্সাৰ সৃষ্টি কৰিব পাৰে।
শেহতীয়াকৈ কৰ্ণাটকৰ খাদ্য সুৰক্ষা বিভাগে তথ্য লাভ কৰা অনুসৰি, ৰাজ্যৰ ৫২খন হোটেলত ইডলিছ প্ৰস্তুত কৰাৰ সময়ত পলিথিন শ্বীট ব্যৱহাৰ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই তথ্য অৱগত কৰি কয় যে ২৫১টা ভিন্ন নমুনা পৰীক্ষা কৰাৰ পাছত দেখা গৈছে যে বেছিভাগ ক্ষেত্ৰতে কাপোৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে প্লাষ্টিকেৰে মেৰিয়াই ইডলি প্ৰস্তুত কৰা হৈছে ।
তেঁও কয়,”আগতে, ইডলি বনোৱাৰ সময়ত কাপোৰ মেৰিয়াই ৰখা হৈছিল। কিন্তু বৰ্তমান আমি গম পাইছোঁ যে এতিয়া কাপোৰৰ সলনি প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। পৰীক্ষা কৰা ২৫১টা নমুনাৰ ভিতৰত ৫২টাত কাৰ্চিনোজেন থকা দেখা গৈছে। যি একেবাৰেই কৰা উচিত নহয়। কাৰণ সেই কাৰ্চিনোজেন ইডলীতো মিহলি হয়।”
লগতে তেওঁ জনায় যে এতিয়াৰ পৰা আৰু কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব। যদি এতিয়াও তেনে কৰা হয় তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।