Sit team:গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ এচআইটি টিম

gaurav

Sit team:

লোকসভাত কংগ্ৰেছ দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰে থকা সম্পৰ্ক সন্দৰ্ভত অসম আৰক্ষীৰ এছআইটিৰ বিশেষ টিম এটি শনিবাৰে উপস্থিত হয় দিল্লীত ৷ উল্লেখ্য যে ,পাকিস্তানৰ এটা বেচৰকাৰী সন্থাৰ কৰ্মকৰ্তা তাকিৰ শ্বেইখৰে গৌৰৱ পত্নীৰ কেনেধৰণৰ সম্পৰ্ক তাক লৈ তথ্য সংগ্ৰহ কৰিব এছআইটিয়ে ৷

স্মতৰ্ৱ্য যে,পাক নাগৰিক আলী তাকিৰ শ্বেইখ দিল্লীলৈ আহোঁতে এলিজাবেথে তেওঁক লগ পোৱা বা তেওঁৰে হোৱা বাৰ্তালাপ ৷ একেদৰে আলী তাকিৰ শ্বেইখৰ বেচৰকাৰী সন্থাটোৱে দিল্লীত কি কি কৰিছিল আদি কেতবোৰ বিষয়টো কৰিব তদন্ত ৷ একেবাৰে এছআইটিএ গৌৰৱ পত্নী এলিজাবেথৰ পাচপৰ্ট,ভিছাও পৰীক্ষা কৰিব ৷ চিএম ভিজিলেঞ্চৰ এছ পি ৰ’জী কলিতাৰ নেতৃত্বত গৈছে এই বিশেষ দলটো

উল্লেখ্য যে,গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰে পাকিস্তানী এনজিঅৰ এটাৰে সম্পৰ্ক থকাৰ সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ যাৰবাবে ডিজিপিৰ নিৰ্দেশত সমস্ত বিষয়টো তদন্তৰ বাবে গঠন কৰা হৈছিল এছআইটি ৷ এছআইটিৰ নেতৃত্বত আছে অতিৰিক্ত ডিজিপি মুন্না প্ৰসাদ গুপ্তা,চিএম ভিজিলেঞ্চৰ এছ পি ৰ’জী কলিতা,মৈত্ৰেয়ী ডেকা আৰু প্ৰণৱজ্যোতি গোস্বামী ৷

Exit mobile version