Snowfall in Himachal Pradesh:
বৰষুণ, তুষাৰপাত, তুষাৰ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে হিমাচল প্ৰদেশত । কেৱল সেয়াই নহয়, এই দুৰ্যোগৰ বাবে বহু অঞ্চল বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে। লাহৌল-স্পিতি ৰাজ্যৰ বাকী অংশৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
শুকুৰবাৰৰ পৰা হিমাচল পাহাৰত প্ৰচণ্ড তুষাৰপাত আৰম্ভ হৈছে।পাহাৰৰ তলৰ অঞ্চসমূহতো ধাৰাসাৰ বৰষুণ । স্থানীয় সূত্ৰ অনুসৰি, নেৰানেপেৰা বৰষুণৰ ফলত বহুতো অঞ্চলত ভূমিস্খলন হৈছে। ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৫৮৩টা পথ। ইয়াৰ উপৰিও পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথও অন্তৰ্ভুক্ত কৰা হৈছে। তিনিদিন ধৰি লাহুল-স্পিতিত বৰফ পৰি আছে ।ফলস্বৰূপে, জিলাখন ৰাজ্যৰ বাকী অংশৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
দুৰ্যোগৰ বাবে জিলাখনৰ বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। লাহুল-স্পিতিত ১৬৫ টা পথ বন্ধ কৰা হৈছে বুলি জিলা দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ে জানিবলৈ দিয়ে।
কুল্লু, মানালী আৰু লাহৌল-স্পিতি জিলাত পৰিস্থিতি আটাইতকৈ বেয়া। এই তিনিখন জিলাত তুষাৰপাত আৰু হিমস্খলনৰ সৃষ্টি হৈছে।পাহাৰৰ তলৰ অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ হৰ্পা বানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। লাহুল-স্পিতিৰ কোক্সাৰ, ছিছু, কীলং, জিস্পা, টাণ্ডি, গোণ্ডলাত চাৰি ফুট পৰ্যন্ত বৰফ পৰিছে। আনহাতে, কুল্লু আৰু মানালীত শুকুৰবাৰে ঋতুৰ সৰ্বাধিক বৰফ পৰিল। মনালীলৈ যোৱা সকলো পথ বন্ধ।