Trump-Zelensky Conflict:
দ্বিপাক্ষিক চুক্তি আৰু ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধ সন্দৰ্ভত আলোচনাৰ বাবে ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণক্ৰমে হোৱাইট হাউছত উপস্থিত হোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীৰে সংবাদ মাধ্যমৰ সন্মুখতে তৰ্কযুদ্ধত লিপ্ত হয় ট্ৰাম্প ৷ পৰিস্থিতি এনেকুৱা পৰ্যায় পাইগৈ যে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে একপ্ৰকাৰ ভাবুকি দিয়ে জেলেনস্কীক ৷ একেদৰে ট্ৰাম্পকো উভতি ধৰে জেলেনস্কীয়ে ৷ নিমন্ত্ৰণ কৰি আনি এইদৰে কৰ্কথনা কৰা বাবে জেলেনস্কীয়ে ট্ৰাম্প সকীয়নি পৰ্যন্ত দিয়ে ৷ অভেল অফিচত হোৱা আলোচনা আধাতে সামৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকী হোটেললৈ উভতি যায় ৷ অথচ দুই ৰাষ্ট্ৰৰ মাজত হ’বলগীয়া খনিজ চুক্তি সম্পাদন নহ’ল ৷
উল্লেখ্য যে এই আলোচনাৰ সময়ত ট্ৰাম্পৰ স’তে উপস্থিত থাকে মাৰ্কিন উপ- ৰাষ্ট্ৰপতি জে ডি ভাঞ্চ। মনকৰিবলগীয়া যে,হোৱাইট হাউচৰ অভেল অফিচত অনুষ্ঠিত হোৱা এখন সংবাদমেলত হঠাতে ডনাল্ড ট্ৰাম্পে জেলেনস্কীক তৃতীয় বিশ্বযুদ্ধলৈ বিশ্বৰ কিয় আগবঢ়াই দিছে বুলি কৈ তেওঁক একপ্ৰকাৰ মূৰ্খ বুলিয়ে কৈ পেলালে। আনকি ট্ৰাম্পে জেলেনস্কীক ৰাছিয়াৰ স’তে যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনায় ৷
কিন্ত ইয়াৰ বিপৰীতে জেলেনস্কীয়ে স্পষ্টভাৱে কয়,হত্যাকাৰীৰ সৈতে কোনো ক্ষেত্ৰত শান্তি আলোচনা নহয়৷ জেলেনস্কীৰ এই স্থিতিত খড়গগ্ৰস্ত হৈ পৰে ট্ৰাম্প আৰু মাৰ্কিন উপ- ৰাষ্ট্ৰপতি জে ডি ভাঞ্চ ৷ ট্ৰাম্পে কয়,আমেৰিকাৰ সহায় অবিহলে আপুনি আগবাঢ়ি যাব নোৱাৰে ৷ বৰ্তমান আপোনাৰ স্থিতি যোগাত্মক নহয় ৷ শান্তিৰ বিপৰীতে তৃতীয় বিশ্বযুদ্ধলৈ অগ্ৰসৰ হৈছে আপুনি ৷এইয়া বিশ্বৰ বাবে অশনি সংকেত ৷
ইউক্ৰেইনৰ সহজ- সৰল জনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিছে বুলি কয় ট্ৰাম্পে ৷ আপুনি উভতগোৰে নাছিছে ৷আমাৰ তদানীন্তন ৰাষ্ট্ৰপতিয়ে ৩৫০ কোটি বিলিয়ন ডলাৰ আৰু অস্ত্ৰ- শস্ত্ৰ দিলে ৷ যাৰফলস্বৰূপে আপুনি নিৰ্ভয়ে যুদ্ধ চলাই গ’ল তীব্ৰ কৰ্কথনা কৰে ভলাডিমিৰ জেলেনস্কীক ৷ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত ট্ৰাম্প এইদৰে এজাউৰি দিয়ে ৷ আনকি সেই সময়ত উপস্থিত থকা আমেৰিকাস্থ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত গৰাকী চিন্তাক্লিষ্ট হোৱা পৰিলক্ষিত হয় ৷
ৰাছিয়াৰে হোৱা যুদ্ধ আমেৰিকাই ধনজন দি সহায় কৰাৰ পিছতো আপুনি আমাক কৃতজ্ঞতা জনোৱাৰ বিপৰীতে আমাৰ দেশতে উপস্থিত হৈ আমাক সকীয়নি দিয়াতোৱে আগন্তুক দিনত আপোনাৰ বাবে বেয়া দিন আৰম্ভ হ’ল বুলি জেলেনস্কীক তীব্ৰ কটাক্ষ কৰে উপ- ৰাষ্ট্ৰপতি জে ডি ভাঞ্চে ৷
উল্লেখযোগ্য যে সুদীৰ্ঘ সময় ৰাছিয়াৰ স’তে ইউক্ৰেইনে অব্যাহত ৰখা যুদ্ধক লৈ মাৰ্কিন ৰাষ্ট্ৰ প্ৰধান ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল ৷ইয়াৰ বিপৰীতে মাৰ্কিন ৰাষ্ট্ৰপতিৰ আহ্বান অগ্ৰাহ্য কৰে ৷ইয়াতে ক্ষুন্ন হৈ পৰে ট্ৰাম্প ৷ হোৱানট হাউচৰ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত জেলেনস্কীক কৰ্কথনা কৰা বিষয়টো সমগ্ৰ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । জানিব পৰা মতে ট্ৰাম্প প্ৰশাসনৰ এজন শীৰ্ষ বিষয়াই ভলডিমিৰ জেলেনস্কীক হোৱাইট হাউচৰ পৰা ওলাই যাবলৈ কয় ৷
আনহাতে আলোচনাৰ বাবে হোৱাইট হাউচলৈ ভলডিমিৰ জেলেনস্কীক মাতি নি ট্ৰাম্পে ধমকি দিয়াক লৈ সমগ্ৰ বিশ্ব কাৰ্যত দুটা শিৱিৰত বিভক্ত হৈছে ৷ এটা শিৱিৰে আমেৰিকাৰ পক্ষত অৱস্থান কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়া,স্পেইন ,পোলেণ্ড সহ কে’বা খনো দেশে ইউক্ৰেইনক পূৰ্বৰ দৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কে কয় আমি ইউক্ৰেইনৰ স’তে আছো ৷ তেওঁলোক অকলশৰীয়া নহয়৷
ইপিনে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে হোৱাইট হাউচত দুই ৰাষ্ট্ৰপ্ৰধানৰ মাজত হোৱা মৌখিক সংঘাতক লৈ উদ্বিগ্ন প্ৰকাশ কৰে ৷ ষ্টাৰমাৰে ট্ৰাম্প আৰু জেলেনস্কীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ৷ একেদৰে জেলেনস্কীক ব্ৰিটেইনে সহায় কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীয়ে ইউক্ৰেইনৰ বিষয়টোক লৈমাৰ্কিন যুক্তৰাষ্ট্ৰৰ, ইউৰোপ আৰু নাটোৰ মিত্ৰদেশ সমূহৰ মাজত শীঘ্ৰেই এখন মহাসন্মিলনৰ আহ্বান জনায়।
স্মতৰ্ৱ্য যে,আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যাকালৰ বাবে দায়িত্ব লাভ কৰাৰ পিছৰে পৰা ডনাল্ড ট্ৰাম্পৰ কেতবোৰ কৰ্মকাণ্ডই আন্তৰাষ্ট্ৰীয় মহলত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷শেহতীয়াকৈ ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক লৈ এক শান্তিময় পৰিস্থিতিৰ বাবে ইউক্ৰেইনক যুদ্ধৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাই ৷ একেদৰে ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনৰেও আলোচনাৰ বাবে আগ্ৰহী বুলি কৌশলী মন্তব্য দিছিল ট্ৰাম্পে ৷ আন্ত:ৰাষ্ট্ৰীয় এটা মহলে কব বিচাৰে যে ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনৰে সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ট্ৰাম্পে ৷