Uttarakhand Avalanche ৪৮ ঘণ্টা পাৰ হৈ গ’ল , এতিয়াও হিমস্খলনত আৱদ্ধ হৈ আছে চাৰিজন শ্ৰমিক !

Capture 2

Uttarakhand Avalanche ৪৮ ঘণ্টা পাৰ হৈ গ’ল , এতিয়াও হিমস্খলনত আৱদ্ধ হৈ আছে চাৰিজন শ্ৰমিক !

ADVERTISEMENT

ক’ত আছে উত্তৰাখণ্ডৰ হিমস্খলনত আৱদ্ধ হোৱা চাৰিজন শ্ৰমিক? এইবাৰ উদ্ধাৰকাৰী দলটোৱে উন্নত প্ৰযুক্তিৰ সহায় লৈ তেওঁলোকক বিচাৰিবলৈ ওলাইছে। উত্তৰাখণ্ডৰ মানা গাঁৱত সংঘটিত হিমস্খলন কাণ্ডৰ ৪৮ ঘন্টা পাৰ হৈ গ’ল।

বৰ্তমানলৈ ৫০ জন শ্ৰমিকক উদ্ধাৰ কৰাৰ হয় যদিও বৰ্তমানৰলৈকে বাকী চাৰিজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই। উদ্ধাৰকাৰী দলটোৰ সূত্ৰৰ পৰা জানিব পৰা মতে বতৰ অনুকূল হ’লে ঘটনাস্থলীত উচ্চমানৰ ড্ৰ’ন উৰুৱাই শ্ৰমিকসকলক বিচাৰি উলিওৱা হ’ব।

ইয়াৰ উপৰিও ‘কোৱাডকপ্টাৰ’ আৰু মানৱবিহীন বিমান (UAV)ও ব্যৱহাৰ কৰিব পাৰি। ইয়াৰওপৰিও’কোৱাডকপ্টাৰ’ আৰু মানৱবিহীন বিমান বাহন (ইউএভি) ব্যৱহাৰ কৰা হ’ব পাৰে।

শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাৰ বদ্ৰীনাথৰ ওচৰৰ মানা গাঁৱত এটা হিমস্খলন হৈছিল। সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) কমেও ৫৫ জন শ্ৰমিকে তাত কাম কৰি থকাৰ অৱস্থাত হিমস্খলন হোৱাত তাত কাম কৰি থকা শ্ৰমিকসকল আৱদ্ধ হৈ পৰে ।

ঘটনাটোৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ লগতে (আইটিবিপি)ভাৰতীয় সেনাও উদ্ধাৰ অভিযানত জড়িত আছে।

অৱশ্যে, শুক্ৰবাৰে প্ৰতিকূল বতৰৰ বাবে, উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয়। কম দৃশ্যমানতাৰ বাবে সেনাৰ হেলিকপ্টাসমূহ নমাই দিব পৰা নগ’ল। যদিও, শনিবাৰে পুৱাৰ পৰা বতৰ অলপ উন্নত হোৱাৰ লগে লগে হেলিকপ্টাৰখন অৱতৰণ কৰি আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ কাম চলে ।

উল্লেখ্য যে উদ্ধাৰ অভিযানৰ বাবে মুঠ ছয়খন হেলিকপ্টাৰ মোতায়েন কৰা হয়। শনিবাৰে গোটেই দিনটো উদ্ধাৰ অভিযান অব্যাহত আছিল । ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি, এতিয়ালৈকে হিমস্খলনৰ পৰা ৫০ জন লোকক উদ্ধাৰ কৰা হৈছে।

অৱশ্যে, তেওঁলোকৰ চাৰিজনৰ মৃত্যু হয়। ইফালে আজি পুৱাৰে পৰা উদ্ধাৰকাৰী দলে সন্ধানহীন হৈ থকা পাঁচজন শ্ৰমিকক বিচাৰি আছে।

Exit mobile version