Tiger Death in Madhya Pradesh:
‘বাঘৰ ৰাজ্য’ নামে পৰিচিত মধ্য প্ৰদেশত ইটোৰ পাছত সিটো বাঘৰ মৃত্যুৱে জোকাৰিছে ৰাজ্য। লগতে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে । কেনেকৈ, কি কাৰণত, বাঘাৰ মৃত্যু হৈছে। সূত্ৰ অনুসৰি, এমাহৰ ভিতৰত চাৰিটা বাঘৰ মৃত্যু হৈছে। শেহতীয়াকৈ বন বিভাগে বালাঘাটত উদ্ধাৰ কৰিছে এটা বাঘৰ মৃতদেহ। এমাহৰ ভিতৰত ইমানবোৰ বাঘৰ মৃত্যুৰ লগে লগে ৰাজ্য চৰকাৰে এই জীৱ-জন্তুৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে।
ৰাজ্যৰ অতিৰিক্ত মুখ্য বন বিষয়া এল কৃষ্ণমূৰ্তিয়ে জনোৱা মতে, শনিবাৰে কাটাংগী ৰেঞ্জৰ মুণ্ডীৱাড়া চক্ৰৰ কোদামি বিটৰ পৰা এটা বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মুখ্য বন সংৰক্ষকে অৱশ্যে চোৰাং চিকাৰৰ ফলত হোৱা মৃত্যুৰ কথা অস্বীকাৰ কৰে। তেওঁ কয় যে কম সময়ৰ ভিতৰতে ইমানবোৰ বাঘ কেনেকৈ মৃত্যুমুখত পৰিল সেয়া এক বৃহৎ চিন্তাৰ বিষয় ইয়াৰ আঁৰৰ ৰহস্যৰ অনুসন্ধান কৰা হৈছে।
কিন্তু একাংশ বন বিষয়া আৰু পশু চিকিৎসকৰ মতে খাদ্য আৰু পানীৰ অভাৱত বাঘৰ মৃত্যু ঘটিছে। কিন্তু তেওঁলোকে এই বিষয়টো স্পষ্টভাৱে ছিল মোহৰ দিব নিবিচাৰে।এজন বন বিষয়াই জনাই যে শনিবাৰে যিটো বাঘৰ মৃতদেহ পোৱা গৈছিল সেইটো এটা মতা বাঘ আছিল। বাঘটো আন এটা বাঘৰ স’তে হোৱা কাজিয়াত আঘাতপ্ৰাপ্ত হয়। তাৰ পাছত বাঘটোৰ খাদ্য সংগ্ৰহ কৰাৰ ক্ষমতা নাছিল। তেওঁ অনুমান কৰে যে সেই কাৰণেই হয়তো বাঘটোৰ মৃত্যু হৈছে।





























