Lord Jagannath Tattoo:
ইষ্টদেৱৰ লগতে উৰিষ্যাৰ ‘ ৰাষ্ট্ৰদেৱতা’ও তেওঁ । এগৰাকী বিদেশী মহিলাৰ উৰুত সেই ভগৱান জগন্নাথক টেটু কৰাৰ ঘটনাক লৈ এতিয়া উত্তেজনাৰ সৃষ্টি হয়।
ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সক্ৰিয় হৈ পৰে আৰক্ষী । কেবাজনো জগন্নাথ ভক্তৰ অভিযোগত দেওবাৰে নিশা ভুৱনেশ্বৰৰ চহিদনগৰ আৰক্ষী থানাত গোচৰটো পঞ্জীয়ন কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বিদেশী মহিলাগৰাকী ভুৱনেশ্বৰত কৰ্মৰত আছিল। ইতিমধ্যেই তেওঁক চিনাক্ত কৰা হৈছে। তেওঁ টেটু কৰা বিউটি পাৰ্লাৰখনৰো বিচাৰি উলিওৱা হৈছে ।
তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৯ ধাৰাত (ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসক ইচ্ছাকৃতভাৱে অপমান কৰা আৰু ধৰ্মীয় আৱেগক আঘাত কৰা) গোচৰ ৰুজু কৰা হৈছিল । আৰক্ষীৰ ওচৰত অভিযোগ কৰা এজন জগন্নাথ ভক্তই জনাই যে বিদেশী আৰু বিউটি পাৰ্লাৰৰ গৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি ক্ষমা বিচাৰে । উৰিষ্যাৰ সমাজত বহু শতিকা ধৰি ইষ্টদেৱতাৰ আসনত প্ৰতিষ্ঠিত হৈ আহিছে ভগৱান জগন্নাথদেৱ ।
