More than 6,000 candidates did not sit for the HSLC examination:
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ নিয়ম অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)ত কেতবোৰ সাল-সলনি ঘটিলেও ইয়াৰ গুৰুত্ব অপৰিসীম। এই পৰীক্ষাটোতে এইবাৰ প্রায় সাত হেজাৰ ছাত্র-ছাত্রী অৱতীর্ণ নহ’ল। বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ এই পৰীক্ষাত বিভিন্ন এৰাব নোৱাৰা কাৰণত প্রতি বছৰে ন্যূনতম সংখ্যক পৰীক্ষার্থী অৱতীৰ্ণ নোহোৱাটো এক স্বাভাৱিক প্রক্রিয়া।
এইবাৰৰ অনুপস্থিতিহে স্বয়ং শিক্ষা বিভাগৰ বাবেই উদ্বেগৰ বিষয় হৈ পৰিছে। বিভাগৰ পৰা তাৎক্ষণিকভারে চলোৱা পর্যালোচনাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য; অথচ সেই তথ্য বিভাগটোৱে আনুষ্ঠানিকভাবে প্রকাশো কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা এইবাৰৰ মেট্ৰিক আৰম্ভ হয়। স্বয়ং শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা অনুসৰি, প্ৰথম দিনাই পৰীক্ষাত অবতীর্ণ নহ’ল ৬,৭৫৬ গৰাকী পৰীক্ষাৰ্থী।
এই সংখ্যাই ৰাজ্যৰ শিক্ষা খণ্ডটো প্রকৃততে কিদৰে চলিছে, তাকে লৈয়ো উদ্বেগৰ সৃষ্টি কৰিছে । পৰীক্ষাত অৱতীর্ণ নোহোৱাৰ ফলত সংশ্লিষ্ট ছাত্র-ছাত্রীসকল উত্তীর্ণ নোহোৱাটোও নিশ্চিত হৈ পৰে। শিক্ষা বিভাগে তাৎক্ষণিকভাৱে চলোৱা অনুসন্ধানত পোহৰলৈ আহে যে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাসকলৰ ভিতৰত ছাত্ৰীৰ সংখ্যাই অধিক। তেওঁলোকৰ ঘৰ ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত।
সেইসকল ছাত্ৰীৰ বহুতেই যোৱা ২৪ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰে। আন একাংশই গুৱাহাটীৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলেও স্থানীয়ভাৱে আখৰাত অংশগ্ৰহণ কৰিছিল। তাৰ ফলত প্রস্তুতিত অসুবিধা হোৱাত পৰীক্ষাত অৱতীৰ্ণ নহ’ল।
উল্লেখ্য যে মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাজতে ঝুমইৰ প্ৰদৰ্শনৰ কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰাক লৈ একাধিক আদিবাসী সংগঠনে উদ্বেগ প্রকাশ কৰিছিল; কিন্তু তেওঁলোকৰ উদ্বেগক কৰ্ণপাতেই নকৰিলে চৰকাৰে। অথচ বাগিচাত শিক্ষাৰ বিস্তাৰৰ বাবে চৰকাৰে নানান আঁচনি ঘোষণা কৰি আহিছে । শিক্ষক থাককেই বা নাথাকক, আদর্শ বিদ্যালয়ো স্থাপন কৰিছে।
শোণিতপুৰ জিলা আদিবাসী ছাত্র সন্থা (আছা)ৰ সভাপতি অমৰজিৎ কেৰ্কেটাই কয় যে তেওঁলোকে ঝুমইৰক লৈ চৰকাৰৰ উদ্যোগক ধন্যবাদ জনাইছে। এই বুলি পৰীক্ষাৰ্থীৰ কথা বিবেচনা নকৰাকৈ পৰীক্ষাৰ সময়তে ইয়াক অনুষ্ঠিত কৰাটো যুক্তিসংগত নহয়। শিক্ষার্থীসকলৰ সোণালী ভবিষ্যতক বিপদৰ সন্মুখীন কৰি কেৱল সাংস্কৃতিক প্ৰদৰ্শনক চৰকাৰে অগ্ৰাধিকাৰ দিছে।
বাগিচাৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্ত এক প্রচণ্ড আঘাত স্বৰূপ। ঝুমইৰত অংশ লোৱাৰ বাবে বহু ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব নোৱাৰা বুলি সভাপতিজনে সদৰী কৰে। তেওঁ লগতে কয় যে আদিবাসী সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ নামত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত আঘাত হনাটো কোনো কাৰণতে গ্রহণযোগ্য নহয়। উল্লেখ্য যে সংগঠনটোৱে ঝুমইৰ বিনন্দিনীৰ সময়সূচী সলনিৰ দাবী জনাইছিল। সেই দাবীক চৰকাৰে গ্রাহ্যই নকৰিলে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সন্মুখত ঝুমইৰ প্ৰদৰ্শনত অগ্রাধিকাৰ দিয়া চৰকাৰৰ বাবে মেট্ৰিক পৰীক্ষা গৌণ হোৱাটো শিক্ষা খণ্ডৰ বাবে স্বাভাৱিকতে উদ্বেগৰ বিষয়। চৰকাৰৰ বাবেই যিহেতু শিক্ষা খণ্ডত মাধমাৰ পৰে, গতিকে পৰীক্ষাত বৃহৎ অনুপস্থিতিৰ কাৰণ শিক্ষা বিভাগে ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰাটোও এটা স্বাভাৱিক বিষয়।