Mla Nandita Das :
স্মার্ট মিটাৰে ৰাজ্যজুৰি সাধাৰণ নাগৰিকৰ মাজত হাহাকাৰ সৃষ্টি কৰিলেও শক্তি বিভাগে এই পর্যন্ত ২৮,৩০,৮৬৩টা মিটাৰ ঘৰুৱা সংযোগত সংস্থাপন কৰিছে। ইয়াৰ বিপৰীতে ঔদ্যোগিক শ্রেণীত সংস্থাপন কৰা এনে মিটাৰৰ সংখ্যা হ’ল ৬,৩৫০টা।স্মার্ট মিটাৰ সংস্থাপনৰ বিষয়টোক লৈ বিধানসভাত প্রশ্ন কৰা কংগ্ৰেছৰ বকোৰ বিধায়িকা নন্দিতা দাসে মন্তব্য কৰে যে চৰকাৰে যে সাধাৰণ নাগৰিকক কেৱল লুণ্ঠনৰ আহিলা কৰি লৈছে এয়াই তাৰ প্রমাণ।
দাসৰ একেটা প্রশ্নতে উল্লেখ কৰা হৈছে যে বাণিজ্যিক প্রতিষ্ঠানত এতিয়ালৈকে সংস্থাপন কৰা স্মার্ট মিটাৰৰ সংখ্যা হ’ল ১,৯৮,২৪৯টা । একেদৰে চৰকাৰী খণ্ডত সংস্থাপিত কৰা হৈছে ২৭,৪৪৯টা মিটাৰ। চৰকাৰে অতি শীঘ্রে ৰাজ্যৰ সকলো ঘৰুৱা উপভোক্তাক স্মার্ট মিটাৰেৰে সংযোজিত কৰাৰ লক্ষ্যও লৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এনে মিটাৰ সংস্থাপনত সর্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে।
উল্লেখ্য যে অহা এপ্ৰিলৰ পৰা অসমত পুনৰ বৃদ্ধি হ’ব বিদ্যুৎ মাচুল। দিনটোৰ ২৪ ঘণ্টাত তিনিটা ভাগত ভাগ কৰি মাচুলৰ উচ্চ মূল্য ধাৰ্যৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে। প্রতিষ্ঠানটোৱে ২০২৫-২৬ত এতিয়ালৈকে সর্বাধিক ৰাজহ সংগ্ৰহৰো লক্ষ্য লৈছে।






























