Vantara:
বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অনন্ত আম্বানীৰ সপোনৰ প্ৰকল্প বনতাৰা। সম্প্ৰতি গুজৰাটৰ জামনগৰত তৈয়াৰী হোৱা ‘বনতাৰা’ ৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দুই হেজাৰতকৈও অধিক প্ৰজাতি আৰু ১.৫ লাখতকৈও অধিক উদ্ধাৰ হোৱা বিপদাপন্ন জন্তু আছে এই বনতাৰাত ।
আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বনতাৰাত জীৱ-জন্তুৰ বাবে উপলব্ধ বিভিন্ন সা-সুবিধা পৰিদৰ্শন কৰাৰ লগতে তেওঁ তাত থকা বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ পৰিদৰ্শন কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে বনতাৰা বন্যপ্ৰাণী চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে পশু চিকিৎসা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।
তাত এম আৰ আই, চি টি স্কেন, আই চি ইউ আৰু বন্যপ্ৰাণী এনাস্থেচিয়া, কাৰ্ডিঅ’লজি, নেফ্ৰ’লজী, এণ্ড’স্কপি, ডেণ্টিষ্ট্ৰি, দন্ত চিকিৎসা, আভ্যন্তৰীণ ঔষধ আদিকে ধৰি অন্যান্য সুবিধাও আছে। তাতে তেওঁ এছিয়াটিক সিংহৰ পোৱালী, বগা সিংহৰ পোৱালী, ক্লাউডেড লিপাৰ্ডৰ পোৱালীও পৰিদৰ্শন কৰে । ইয়াৰ উপৰিও তেওঁ তাত বাঘ আৰু সিংহৰ পোৱালীক গাখীৰ খুওৱাও দেখিবলৈ পোৱা গ’ল । প্ৰধানমন্ত্ৰী মোডীয়ে গাখীৰ খুৱাই দিয়া বগা সিংহৰ পোৱালীটো উদ্ধাৰ কৰি বনতাৰালৈ যত্নৰ বাবে অনা হৈছে ।
উল্লেখ্য যে, অনন্ত আম্বানীৰ বনতাৰাই ভাৰত চৰকাৰৰ দ্বাৰা ‘কৰ্পৰেট’ শাখাত পশু কল্যাণৰ বাবে ভাৰতৰ সৰ্বোচ্চ সন্মান ‘প্ৰাণী মিত্ৰ’ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে।