BORDER DISPUTE: চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোৱে গেঁঠেলা মাৰিলে নেকি?
চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোৱে গেঁঠেলা মাৰিলে নেকি? চৰকাৰ গঠনৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অগ্ৰাধিকাৰ দিয়া বিষয়বোৰৰ ভিতৰত অন্যতম আছিল আন্তঃৰাজ্যিক সীমান্তক লৈ চলি অহা দীঘলীয়া সমস্যাৰ সমাধান।
মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ লগত থকা সীমা বিবাদ নিষ্পত্তি কৰাৰ তৎপৰতাৰে গ্ৰহণ কৰা উদ্যোগত মুখ্যমন্ত্ৰীক সহযোগ কৰিছিল সংশ্লিষ্ট ৰাজ্যকেইখনেও। অৱশ্যে নগালেণ্ডৰ লগত উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাত ৰাজ্যখনৰ লগত থকা সমস্যাটোৰ সমাধানত আনুষ্ঠানিক তৎপৰতা অসমে আৰম্ভ কৰিব পৰা নাই।
শেহতীয়াকৈ বিধানসভাত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সদৰী কৰে যে মেঘালয়ৰ লগত সীমা বিবাদ থকা ১২ টা অঞ্চলৰ ভিতৰৰ ছটাক লৈ ২০২২ৰ ২৯ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত দুয়োখন ৰাজ্যৰ চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
এই ছটা অঞ্চল হ’ল— তাৰাবাৰী, গিজাং, হাঁহিম, বকলাপাৰা, ৰাটাচাৰা আৰু খানাপাৰা-পিলিংকাটা। বাকী অঞ্চলকেইটা হ’ল— লাম্পি, দেশডুমৰীয়া, বৰদুৱাৰ, গড়ভাঙা, ব্লক ১, ব্লক ২ আৰু খান্দুলী। আনহাতে, অৰুণাচলৰ লগত ১২৩ খন গাঁৱক লৈ বিবাদ চলি আহিছে আৰু তাৰে ৭১ খনৰ সমস্যা সমাধান হৈছে।
৫২ খনৰ কাম চলি আছে। মিজোৰামৰ লগতো আলোচনা চলি আছে। কিন্তু প্রথম পৰ্যায়ত যি তৎপৰতাৰে গোটেই প্রক্রিয়া আগবাঢ়িছিল, সেয়া সম্প্রতি যথেষ্ট লেহেমীয়া হোৱাটো স্পষ্ট হৈছে। মেঘালয়ৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ত শেষৰখন বৈঠক অনুষ্ঠিত হৈছিল ২০২৩ৰ ৩০ ছেপ্টেম্বৰত ।
অৰুণাচলৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ৰ অন্তিমখন বৈঠক বহিছিল ২০২৩ৰ ৩০ মাৰ্চত। আনহাতে, মিজোৰামৰ লগত মন্ত্ৰী পৰ্যায়ত শেষৰখন বৈঠক বহিছিল ২০২৪ৰ ন আগষ্টত ।
আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ তৎপৰতা সম্প্ৰতি চকুত লগাকৈ লেহেমীয়া হৈ পৰা বুলি বিধানসভাত অভিযোগ কৰে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে। আনহাতে, মন্ত্ৰী অতুল বৰাই সামগ্ৰিকভাৱে সমস্যাটোক লৈ মন্তব্য কৰে যে ৰাজ্য গঠনৰ সময়তে সীমা ঠিক কৰিলে আজিৰ এই সমস্যাটো উদ্ভৱ নহ’লহেঁতেন।
ইয়াৰ বাবে মন্ত্ৰীজনে কংগ্ৰেছক জগৰীয়া কৰে। মেঘালয়ৰ প্ৰসংগত বৰাই কয় যে বাকী থকা ছটা স্থানৰ বাবে দুয়োখন ৰাজ্যই গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰতিবেদন এতিয়ালৈকে দুয়োজন মুখ্যমন্ত্ৰীৰ হাতত পৰা নাই।
প্রসংগক্রমে মন্ত্ৰী বৰাই উল্লেখ কৰা অনুসৰি, অৰুণাচল, নগালেণ্ড, মেঘালয় আৰু মিজোৰামে বেদখল কৰি থকা ভূমিৰ পৰিমাণ হ’ল ৮২,৭৫১.৮৬১৮ হেক্টৰ। ইয়াৰে অৰুণাচলে ১৬,১৪৪.০১১৭ হেক্টৰ, নগালেণ্ডে ৫৯,৪৯০.২১ হেক্টৰ, মেঘালয়ে ৩,৪৪১.৮৬০১ হেক্টৰ আৰু মিজোৰামে ৩,৬৭৫.৭৮ হেক্টৰ ভূমি বেদখল কৰি আছে।