Assam State Election Commission Announces Rabha Hasong Autonomous Council Polls:
শুকুৰবাৰে ঘোষণা কৰা হ’ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে
পৰিষদৰ ৩৬টা সমষ্টিৰ নিৰ্বাচনৰ দিন। দুই এপ্ৰিলত ভোট গ্ৰহণ হোৱাৰ বিপৰীতে ভোট গণনা হ’ব ৪ এপ্ৰিলত ৷
আনহাতে নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ মাৰ্চৰ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত। ১৭ মাৰ্চৰ পুৱা ১১ বজাত মনোনয়ন পত্ৰৰ সমূহৰ কৰা হ’ব পুনৰীক্ষণ ৷ বৈধ মনোনীত প্ৰাৰ্থীৰ তালিকা একেদিনাই কৰা হ’ব প্ৰকাশ।
প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিব বিচৰা সকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ১৯ মাৰ্চৰ বিয়লি ৩ বজাৰ ভিতৰত ৷ তাৰ পিছতে প্ৰতিদ্বন্দ্বিতাকাৰী প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।
আনহাতে ২ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগ্ৰহণ। যদিহে পুনৰ ভোটদানৰ প্ৰয়োজন হয় তেন্তে একে সময়সীমাৰ ভিতৰত ৩ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব। ৪ এপ্ৰিলত পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ভোটগণনা অনুষ্ঠিত হ’ব। একেদৰে ৪ এপ্ৰিলতো ফলাফল ঘোষণা কৰা হ’ব।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ২,১৬,১৮১ জন পুৰুষ ভোটাৰ, ২,২৯,৩৯৪ গৰাকী মহিলা ভোটাৰ আৰু ১১ গৰাকী ভোটাৰকে ধৰি মুঠ ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ জন ৷ মুঠ ভোট কেন্দ্ৰ ৬৩০টা ৷ সমষ্টিসমূহৰ ভিতৰত ২৫টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত, ইয়াৰে ৪টা মহিলাৰ বাবে সংৰক্ষিত। বাকী ১১টা সমষ্টি অসংৰক্ষিত, ইয়াৰে ২টা মহিলাৰ বাবে সংৰক্ষিত।
আনহাতে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি প্ৰতিজন প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ ব্যয়ৰ সীমা ২.৫০ লাখ । তাৰকা প্ৰচাৰকসকলৰ সন্দৰ্ভত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহত সৰ্বাধিক ২০ জন তাৰকা প্ৰচাৰক থাকিব পাৰে, আনহাতে পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত দলসমূহত সৰ্বাধিক ১০ জন তাৰকা প্ৰচাৰক থাকিব পাৰে।
ইয়াৰোপৰি ভোটাৰ চিনাক্তকৰণৰ বাবে নিৰ্বাচনী ফটো পৰিচয় পত্ৰ (ইপিআইচি) প্ৰাথমিক নথি হিচাপে কাম কৰিব। অৱশ্যে আধাৰ কাৰ্ড, এমএনৰেগা জব কাৰ্ড, বেংক/ডাকঘৰৰ দ্বাৰা প্ৰদান কৰা ফটো থকা পাছবুক, শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, এন পি আৰৰ অধীনত আৰ জি আইৰ দ্বাৰা প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপ’ৰ্ট, ফটো থকা পেঞ্চন নথি, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ, পি এছ ইউ আৰু পাব্লিক লিমিটেডৰ কৰ্মচাৰীক প্ৰদান কৰা ফটো থকা ফটোৰে সৈতে ভোটাৰসকলে বিকল্প নথি-পত্ৰও দাখিল কৰিব পাৰে কোম্পানী, সাংসদ, বিধায়ক, আৰু এমএলচিক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ আৰু ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে প্ৰদান কৰা ইউনিক ডিচেবিলিটি আইডি (ইউডিআইডি) কাৰ্ড ভোটাৰ সকলে আনিব পাৰে ৷
উল্লেখ্য যে,ৰাজ্যিক নিৰ্বাচনী আয়োগে শুকুৰবাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগেলগে সংশ্লিষ্ট পৰিষদীয় এলেকাত বলবৎ হ’ল নিৰ্বাচনী বিধি ৷