Uttarakhand:
উত্তৰাখণ্ডত পুনৰ হিমস্খলনৰ সম্ভাৱনা। সমুদ্ৰপৃষ্ঠৰ পৰা তিনি হেজাৰ মিটাৰ উচ্চতাৰ চামোলি, ৰুদ্ৰপ্ৰয়াগ, পিথোৰাগড়ত আগন্তুক ২৪ ঘণ্টাৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। চুবুৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ একাংশ জিলাতো হিমস্খলনৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ ডিফেন্স জিঅ’ইনফৰ্মেটিক্স ৰিচাৰ্চ এষ্টাব্লিছমেণ্ট (ডিজিআৰই), চণ্ডীগড়ে এই সতৰ্কবাণী জাৰি কৰিছে। যোৱা সপ্তাহত, উত্তৰাখণ্ডৰ চামোলীত হোৱা হিমস্খলনত সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) আঠজন শ্ৰমিক নিহত হয়।উত্তৰাখণ্ডৰ চামোলী, ৰুদ্ৰপ্ৰয়াগ, পিথোৰাগড়ত কমলা সতৰ্কতা জাৰি কৰা হৈছে, উত্তৰকাশী জিলাত হালধীয়া সতৰ্কতা।
হিমাচল প্ৰদেশৰ চাম্বা, লাহাউল স্পিটি, কুল্লু, কিন্নাউৰতো কমলা সতৰ্কতা জাৰি কৰা হৈছে । জম্মু-কাশ্মীৰ আৰু লাডাখৰ কিছু অংশতো হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। কাশ্মীৰৰ গান্দেৰবাল, বাৰামুলা, কুপৱাৰা, ৰাজৌৰী, পুঞ্চ আৰু লাডাখৰ কাৰ্গিলৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।