Helicopter Crash:মধ্য আকাশত নিয়ন্ত্ৰণ হেৰুৱালে হেলিকপ্টাই । ভাঙি পৰিল নদীত ।বৃহস্পতিবাৰে আমেৰিকাৰ নিউয়ৰ্কত সংঘটিত হোৱা এই ঘটনাত পাইলটসহ ছজন লোকৰ মৃত্যু হয়।
নিহতসকলৰ ভিতৰত আছিল বহুজাতিক কোম্পানী ‘ছিমেন্স’ৰ স্পেনিছ শাখাৰ মুৰব্বী অগাষ্টিন এস্কোবাৰও।
স্থানীয় কৰ্তৃপক্ষৰ মতে, এস্কোবাৰে পৰিয়ালৰ স’তে নিউয়ৰ্ক চহৰ ভ্ৰমণ কৰি আছিল। যাৰ বাবে তেওঁ এজন কপ্টাৰ ভাড়া লৈছিল। হেলিকপ্টাৰখনত তেওঁৰ পত্নী আৰু তিনিটা সন্তানো আছিল।
আকাশৰ মাজত হঠাতে কপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ।তাৰ পাছতে কপ্টাৰখনে হাডছন নদীত পৰে । ইয়াৰ পাছতে মুহূৰ্ততে কপ্টাৰখনত জুই লাগে ।
এই ঘটনা সন্দৰ্ভত নিউয়ৰ্ক চহৰৰ মেয়ৰ এৰিক এডামছে কয় যে হেলিকপ্টাৰখনে বিয়লি তিনি বজাত উৰা মাৰিছিল।
মাত্ৰ ১৮ মিনিটৰ বাবে নিউয়ৰ্ক চহৰ ঘূৰাৰ পাছতে এই দুৰ্ঘটনাৰ সংঘটিত হয়। নিউয়ৰ্ক আৰক্ষী বিভাগে জনোৱা মতে, হেলিকপ্টাৰখনৰ ভিতৰৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়।
ইয়াৰ ওপৰিও সংকটজনক অৱস্থাত আৰু দুজন লোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কিছুসময়ৰ পাছতে তেওঁলোকৰো মৃত্যু হয়।
এই ঘটনাক দুখ প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।