UPI :পুনৰ ব্যাহত হৈছে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) সেৱা । এমাহত তৃতীয়বাৰৰ বাবে ব্যাহত হৈছে ইউপিআই সেৱা । শনিবাৰে দুপৰীয়া দেশৰ বিভিন্ন প্ৰান্তৰ ব্যৱহাৰকাৰীসকলে অনলাইন লেনদেনত সমস্যাৰ অভিযোগ কৰা আৰম্ভ কৰে।
একাংশ লোকে যদি অনলাইনত ধন পঠিয়াব পৰা নাই, আন কিছুমানে আকৌ অভিযোগ কৰিছে যে সাধাৰণৰ তুলনাত আজি ধন পঠিয়াবলৈ বেছি সময় লাগিছে।
ইউপিআই সেৱাৰ ব্যাঘাত নিৰীক্ষণ কৰা প্লেটফৰ্ম ‘ডাউন ডিটেক্টৰ’ৰ মতে, শনিবাৰে পুৱা ১১:৩০ বজাৰ কিছু সময়ৰ আগতেই এই সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। পুৱা ১১:৪০ বজাত পোহৰলৈ আহে বৃহৎ সংখ্যক অভিযোগ।
সেই সময়ছোৱাত অনলাইন লেনদেনত ২২২টাতকৈ অধিক ‘পেমেণ্ট ফেইল’ৰ ৰিপ’ৰ্ট পোৱা গৈছিল। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ইতিমধ্যে ইউপিআই সেৱাৰ বিচ্ছিন্নতাৰ কথা লক্ষ্য কৰিছে।
তেওঁলোকে জনোৱা অনুসৰি কাৰিকৰী সমস্যাৰ বাবে এই সমস্যাই দেখা দিছে । সেইকাৰণে ইউপিআইৰ জৰিয়তে লেনদেন কিছুমান ক্ষেত্ৰত বিফল হৈছে।সমস্যাটো দ্ৰুততাৰে সমাধান কৰাৰ চেষ্টা কৰা হৈছে বুলিও এনপিচিআইয়ে জনাইছে ।
ইয়াৰ পূৰ্বে ২৬ মাৰ্চত ইউপিআই সেৱাত ‘বিঘ্নিত’ হোৱাৰ অভিযোগ উত্থাপন হৈছিল।তাৰ পাছত দুই এপ্ৰিলত সমগ্ৰ দেশৰ বহু ব্যৱহাৰকাৰীয়ে ইউপিআইৰ জৰিয়তে লেনদেনত সমস্যাৰ অভিযোগ উত্থাপন কৰে।
সেই ঘটনাৰ পাছতে আজি পুনৰ ইউপিআইৰ লেনদেন ‘বিচ্ছিন্ন’ হৈ পৰে।