Horoscope: মেষ : চাকৰি ক্ষেত্ৰত উন্নতিৰ যোগ। দৈনন্দিন কামৰ চাপ বৃদ্ধি পাব । চেষ্টাৰ ফল পাব পাৰে। ভ্ৰমণৰ মধ্যমত প্রাপ্তি যোগ। কন্যা সন্তানৰ বিবাহৰ সংযোগ। আৰ্থিকত ভাল ক’ব পৰা যায়। কর্মস্থানত কিছু অসুবিধা পাব। শুভ ৰং বগা ৷
বৃষ : কিবা বিষয়লৈ পৰিবাৰীক মতবিৰোধ দেখা দিব পাৰে। শুভ কামত বাধা পৰিব পাৰে। মানসিক চাপ বৃদ্ধি পাব। ঘৰুৱাত মাধ্যম। শৰীৰ ভাল দেখা নাযায়। প্ৰেমত প্ৰতাৰণা। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। শুভ ৰং ৰঙা ৷
মিথুন : দৈনন্দিন কর্মত শুভ। অসম্পূর্ণ কাম সমাপ্ত হ’ব। আর্থিক ক্ষেত্ৰত শুভ ফল দায়ক। উচ্চ শিক্ষাত বাধা আহিব। ভ্রমণ নকৰা ভাল ৷ গ্ৰন্থ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগ উপকৃত হ’ব। শুভ ৰং বগা ৷
কর্কট : দৈনন্দিন কর্মত অগ্রগতি। পাৰিপাৰ্শ্বিক অপশক্তিৰ দ্বাৰা পাৰিবাৰীক শান্তি বিনষ্ট। দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায় ৷ প্ৰয়োজনত বন্ধুৰ পৰা সাহায্য লাভ কৰিব। প্ৰেমত মধ্যম বুলি ক’ব পৰা যায়। শুভ ৰং সেউজীয়া ।
সিংহ : পাৰিবাৰীক মতবিৰোধ দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন যোগ। ব্যৱসায়ত পৰিকল্পনা সফল অগ্ৰসৰ হ’ব পাৰিব। ঘৰুৱাত ভাল ৷ আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব। বগা ৰুমাল গলত ৰাখিব । শুভ ৰং ৰঙা ।
কন্যা : দৈনন্দিন কর্মত অমনোযোগ। নিজৰ কোনোবাই হিংসা কৰিব পাৰে। নিজৰ ভুলৰ কাৰণে সন্মান হানি হ’ব পাৰে। নিবনুৱাসকলৰ দিনটো ভাল-বেয়া মাজেৰে পাৰ হ’ব। পৰীক্ষাৰ্থীয়ে পঢ়াত মনযোগ দিয়ক। শুভ ৰং কমলা ।
তুলা : কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূলত থাকিব। আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগমন হ’ব পাৰে। শুভ ৰং বগা ।
বৃশ্চিক : দৈনন্দিন কৰ্মত উন্নতিৰ যোগ। চাকৰি ক্ষেত্ৰত আর্থিক উন্নতিৰ যোগ। ব্যৱসায়ত জামেলা থাকিব। আর্থিক লেন-দেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চাকৰিয়াসকলৰ বাবে দিনটো ভাল। শুভ ৰং ৰঙা।
ধনু : কৰ্মত বাধা, চাকৰিয়াল ব্যক্তিসকলৰ জটিলতাই দেখা দিব পাৰে। আজি ভ্ৰমণ নকৰিব। স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায় ৷ বিদ্যাত অগ্ৰসৰ হ’ব পাৰিব। খং-ৰাগ কৰি দিনটো বেয়া নকৰিব। শুভ ৰং হালধীয়া।
মকৰ : পাৰিবাৰীক শান্তি বজাই থাকিব। পৰিকল্পিত কৰ্মত বাধা আহিব । আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। কোনোবাৰ লগত অযথা বিবাদ হ’ব পাৰে। বিদ্যাত ভাল। চাকৰিয়াল সকল অলপ সাৱধান হোৱা ভাল। দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত শুভ। শুভ ৰং নীলা।
কুম্ভ : কৰ্মক্ষেত্ৰত অশান্তি। উর্ধ্বতন কৰ্তৃপক্ষৰ লগত মতান্তৰ হ’ব পাৰে ৷ শত্ৰুৰ পৰা সতর্ক থাকিব। নিজৰ ভুলৰ কাৰণে আৰ্থিক দিশত ক্ষতি হ’ব পাৰে। দাম্পত্য আৰু প্ৰেমত শুভ। ভ্ৰমণত সম্ভাৱনা আছে। বিদ্যাত বাধা। শুভ ৰং নীলা ।
মীন : কর্মক্ষেত্ৰত মধ্যম ফল। নিবনুৱাই আশাৰ পোহৰ দেখিব পাৰে। পুৰণি সমস্যাৰ সমাধান হ’ব। ব্যৱসায়ত শুভ। নতুন কাম হাতত ল’ব পাৰে। ব্যৱসায়িকসকলৰ ভাল । প্ৰেম-প্ৰণয়নত শুভ। নতুন কর্ম লাভৰ যোগ। শুভ ৰং গুলপীয়া।