Sukma: মাও বিৰোধী অভিযানত আন এক বৃহৎ সফলতা। চত্তীশগড়ৰ ছুকমা জিলাত শুকুৰবাৰে নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৩৩টা মাওবাদীয়ে। ইয়াৰে ১৭ খনৰ জনৰ প্ৰতিজনৰ মূল্য আছিল ৪৯ লাখ টকা।
মাওবাদী মুক্ত ভাৰতক লক্ষ্য কৰি নিৰন্তৰ সংঘৰ্ষৰ মাজতে বৃহৎ সংখ্যক মাওবাদীৰ আত্মসমৰ্পণক এক ডাঙৰ সফলতা হিচাপে দেখা গৈছে।
গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চৰ ভিতৰত ভাৰতক মাওবাদীমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে। চত্তীশগড়ত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত, মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰে।
২০২৪ চনত বস্তাৰ অঞ্চলত নিৰাপত্তা অভিযানত ২৮৭ জন মাওবাদী নিহত হয়। ইফালে এহেজাৰতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু ৮৩৭ জনে আত্মসমৰ্পণ কৰে।
এই বছৰ এতিয়ালৈকে, মাত্ৰ তিনি মাহত ১৩০ জন মাওবাদী নিহত হৈছে। কেৱল বস্তাৰ ৰেঞ্জত নিহতৰ সংখ্যা হৈছে ১১০ জন। এনে পৰিস্থিতিত, মাওবাদীসকলে ধাৰণা, মৃত্যুতকৈ নিৰাপত্তা বাহিনীৰ হাতত আত্মসমৰ্পণ কৰাই শ্ৰেয়।
প্ৰশাসনৰ মতে, আত্মসমৰ্পণ কৰা মাওবাদীসকলক মাওবাদী পুনৰ্সংস্থাপন নীতি অনুসৰি প্ৰতিজনক ৫০হেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ওপৰিও চৰকাৰে চাকৰিসহ আৰু অনান্য সাহায্যও প্ৰদান কৰিব ।
চত্তীশগড় চৰকাৰে মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰাত উৎসাহিত কৰিবলৈ ‘নক্সালবাদী আত্মসমৰ্পণ আৰু পুনৰ্সংস্থাপন নীতি ২০২৫’ত কেবাটাও পৰিৱৰ্তন কৰিছে।
য’ত আত্মসমৰ্পণ কৰা মাওবাদীসকলক পুনৰ্বাসন, চাকৰি, আৰ্থিক পুৰস্কাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰা হ’ব।
নতুন পুনৰ্বাসন নীতিৰ অধীনত মাওবাদী নেতাসকলক তেওঁলোকৰ পদ অনুসৰি সুবিধা প্ৰদান কৰা হ’ব। ৰাজ্যিক সমিতি, আঞ্চলিক সমিতি, কেন্দ্ৰীয় সমিতি আৰু পলিটব্যুৰোৰ সদস্যৰ দৰে উচ্চ পদস্থ কেডাৰক পাঁচ লাখ টকাৰ এককালীন অনুদান প্ৰদান কৰা হ’ব।
যিবোৰ ক্ষেত্ৰত মাওবাদী ইউনিটৰ ৮০ শতাংশ সদস্যই একেলগে আত্মসমৰ্পণ কৰে, তেনে ক্ষেত্ৰত দুগুণ পুৰস্কাৰ দিয়া হ’ব। এই পুনৰ্বাসন পেকেজত চাকৰি আৰু শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ো অন্তৰ্ভুক্ত কৰা হৈছে।