Kedarnath: দুই মে’ৰ পৰা মুকলি হ’ব কেদাৰনাথ ধামৰ দুৱাৰ। শুকুৰবাৰে এই কথা ঘোষণা কৰে বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে। তেওঁলোকৰ বিশেষজ্ঞ দলটোৱে কেদাৰনাথ ভ্ৰমণ কৰি পৰিস্থিতিৰ মূল্যায়ন কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে।
শুকুৰবাৰে সন্ধিয়া দলটোৰ প্ৰতিনিধিসকল কেদাৰনাথত উপস্থিত হয়।তেওঁলোকৰ পৰা তথ্য পোৱাৰ পাছত, বিকেটিচিয়ে ঘোষণা কৰে যে দুই মে’ৰ পৰা মুকলি কৰা হ’ব কেদাৰনাথৰ দুৱাৰ।
তেওঁলোকে জনোৱা অনুসৰি, কেদাৰনাথৰ পাছত চাৰি মে’ত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰা হ’ব। অৰ্থাৎ এইবছৰৰ চাৰধাম যাত্ৰা মে’ মাহৰ আৰম্ভণিৰ পৰা আৰম্ভ হৈছে।
বিকেটিচিয়ে জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি, ২১ মে’ৰ পৰা মদমহেশ্বৰ মন্দিৰৰ (দ্বিতীয় কেদাৰ) দুৱাৰ আৰু দুই মে’ৰ পৰা তুংনাথ মন্দিৰৰ (তৃতীয় কেদাৰ) দুৱাৰ মুকলি কৰা হ’ব। তীৰ্থযাত্ৰীসকলে এই মন্দিৰসমূহ দৰ্শন কৰিব পাৰে।
যোৱা কিছুদিন ধৰি চাৰ ধাম যাত্ৰা আৰম্ভ কৰিবলৈ তৎপৰ হৈ আছে কৰ্তৃপক্ষ ।