Naxal: মাওবাদীমুক্ত ভাৰতৰ লক্ষ্যৰে সমগ্ৰ চত্তীশগড়ত অবিৰত অভিযান চলি আছে। যোৱা কেইমাহমানত, মাওবাদী সংগঠনবোৰে ১০০ৰো অধিক শীৰ্ষ কমাণ্ডাৰৰ মৃত্যুত তেওঁলোক দিখৌহাৰা হৈছে ।
বেছিভাগ মাওবাদীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে আত্মসমৰ্পণ পথ বাছি লৈছে । এনে পৰিস্থিতিত মাওবাদীৰ উত্তৰ-পশ্চিম উপ-মণ্ডল ব্যুৰোৱে চৰকাৰলৈ লিখিত বাৰ্তা প্ৰেৰণ কৰি এমাহৰ বাবে যুদ্ধবিৰতিৰ অনুৰোধ জনায়। মাওবাদীসকলে শান্তি আলোচনাৰ বাবে ১৭ এপ্ৰিলত এখন লিখিত বিবৃতি জাৰি কৰে।
বিগত আঠ এপ্ৰিলত মাওবাদীয়ে যুদ্ধবিৰতিৰ অনুৰোধ জনাই এখন পত্ৰ প্ৰকাশ কৰে। সেই পত্ৰখনৰ শাৰী অনুসৰণ কৰি মাওবাদীয়ে দ্বিতীয়খন পত্ৰত উল্লেখ কৰিছে যে, “অপাৰেচনৰ নামত এই হত্যাকাণ্ড তৎক্ষণাত বন্ধ কৰিব লাগে ইয়াৰ পৰিৱৰ্তে, সমস্যাটো সমাধান কৰাৰ প্ৰতি মনোযোগ দিয়া উচিত। ”
মাওবাদীয়ে লগতে কয় যে, ‘আমাৰ আবেদন কোনো ৰণনীতি নহয়। দুয়োপক্ষই আলোচনা কৰিবলৈ সন্মত হ’লে এই যুদ্ধবিৰতি নিতান্তই প্ৰয়োজনীয়। শান্তি আলোচনাৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ এইয়া প্ৰয়োজনীয়। আমি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰিম। ’
মাওবাদীয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্রীলৈ যুদ্ধবিৰতি বিচৰা প্রথমখন চিঠিৰ প্রত্যুত্তৰত মাওবাদীয়ে যদি শান্তি বিচাৰে তেন্তে চৰকাৰে ইতিবাচক পদক্ষেপ লোৱাৰ ইংগিত দিছিল৷ তাৰ আধাৰত মাওবাদীয়ে দ্বিতীয়খন চিঠিত উল্লেখ কৰিছে যে,তাৰ আধাৰত দ্বিতীয় পত্ৰত মাওবাদীয়ে উল্লেখ কৰিছে যে যুদ্ধবিৰতি নোহোৱালৈকে মাওবাদীৰ বিভিন্ন জ’নেল কমাণ্ডাৰৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিব। বিভিন্ন অঞ্চলৰ মাওবাদী নেতাক সাক্ষাৎ কৰাৰ সময়তে নিৰাপত্তাৰক্ষীৰ গুলীচালনাত কেবাজনো নেতা নিহত হৈছে।
ইয়াৰ বাবেই মাওবাদীয়ে শান্তি আলোচনা সম্পূর্ণ কৰিবলৈ এমাহৰ যুদ্ধবিৰতিৰ দাবী উত্থাপন কৰে৷ এই সন্দৰ্ভত মানৱ অধিকাৰ সংগঠনসমূহকো আগবাঢ়ি আহিবলৈ মাওবাদীয়ে অনুৰোধ জনাইছে।
২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়ি তোলাৰ বাৰ্তা গৃহমন্ত্ৰী অমিত শ্বাহে। ২০২৪ চনত বাস্তৰ অঞ্চলত নিৰাপত্তা বাহিনীৰ অভিযানত ২৮৭ জন মাওবাদী নিহত হৈছিল।
হেজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আত্মসমৰ্পণ কৰিছে ৮৩৭জন লোকে। তাৰ পাছত এই বছৰৰ মাত্ৰ তিনি মাহতে এতিয়ালৈকে ১৩০ জন মাওবাদীক হত্যা কৰা হৈছে। কেৱল বস্তাৰ ৰেঞ্জত সংখ্যাটো ১১০।
মাও প্ৰধান জিলাৰ সংখ্যা ১২ খনৰ পৰা ছখনলৈ হ্ৰাস পাইছে।এসময়ত মাওবাদী প্ৰধান বাষ্টাৰ ৰেঞ্জৰ বাৰেশ্বেট্টী গাঁওখনক মাওবাদী মুক্ত ঘোষণা কৰা হৈছে।
কাৰ্যতঃ এতিয়া মাওবাদীসকল উপায়হীন হৈ এতিয়া চৰকাৰক এমাহৰ বাবে শত্ৰুতা বন্ধ কৰি শান্তি আলোচনাৰ প্ৰস্তাৱ দিবলৈ অনুৰোধ জনাইছে।