JAAT :ছানী দেউলৰ ছবি ‘জাট’ অলপতে মুক্তি পাইছে। অভিযোগ অনুসৰি, ছবিখনৰ এটা দৃশ্যই খ্ৰীষ্টানসকলৰ আৱেগক আঘাত দিছে।অভিযোগ ক্রমান্বয়ে বিয়পি পৰাৰ লগে লগে সেই বিশেষ ধৰ্মৰ অনুগামীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
ইয়াৰ বাবে গুড ফ্রাইডেত জলন্ধৰ আৰক্ষীয়ে ছানী দেউল, ৰণদীপ হুদা, বিনীত কুমাৰ সিং,পৰিচালক গোপীচান্দ আৰু প্রযোজকৰ বিৰুদ্ধে লিখিত অভিযোগ লাভ কৰে। অভিযোগত কোৱা হৈছে যে গীৰ্জাৰ এটা দৃশ্যই যীশু খ্ৰীষ্টৰ প্ৰতি অসন্মান দেখুৱাইছে।
ইয়াৰ বাবেই খ্রীষ্টান সমাজ ক্ষুব্ধ হৈ পৰিছে৷ বিষয়টো তেওঁলোকে ভাল ভাবত লোৱা নাই। কে’বাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ছবিখনৰ অন্যতম অভিনেতা ৰণদীপক এটা গীৰ্জাৰ ভিতৰত ক্ৰুছৰ তলত থিয় হৈ অপমানজনক আচৰণ কৰা দেখা গৈছিল, যিটো খ্ৰীষ্টানসকলে সহজে মানি ল’ব নোৱাৰে।
এই দৃশ্যই তেওঁলোকৰ ধৰ্মীয় স্থান অশুচি কৰি তুলিছে বুলি দাবী কৰিছে। ছবিখনত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি আইনী ব্যৱস্থাৰ হুংকাৰো দিয়ে। খবৰ অনুসৰি ভাৰতীয় ন্যায় সংহিতাৰ ২৯৯ ধাৰাত জলন্ধৰ আৰক্ষী থানাত এফআইআৰ দাখিল কৰা হয়।
ছবিখনৰ সেই বিশেষ দৃশ্যটোৰ প্ৰতিবাদত সমগ্ৰ অঞ্চলটোত প্ৰতিবাদৰ সৃষ্টি হয়। খ্ৰীষ্টান ধৰ্মগুৰুসকলে প্রশাসনিক কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ আশ্বাস দিছে।
তদুপৰি এই বিতর্কই প্রথম সপ্তাহতে ‘জাট’ৰ ব্যৱসায়ক প্ৰৱল কৰি তুলিছে। প্রথম সপ্তাহতে ছবিখনে ৫০ কোটিৰো অধিক উপার্জন কৰে। ‘জাট’ৰ নিৰ্মাতাসকলে দাখিল কৰা এজাহাৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই ।