Gaza:”মই এনে এটা মৃত্যু বিচাৰো যি কেৱল ব্ৰেকিং নিউজ নহয়। মই এনে এটা মৃত্যু বিচাৰো যিয়ে সমগ্ৰ বিশ্ব কঁপাই তুলিব।”কিছুমাহৰ পূৰ্বেই ছ’চিয়েল মিডিয়াত লিখা কথাবোৰ যেন সঁচা হৈ পৰিল গাজাৰ সাংবাদিক ফাতিমা হাছুনাৰ জীৱনত ।
বিয়াৰ আগদিনা ইজৰাইলৰ আক্ৰমণত নিহত হ’ল ২৫ বছৰীয়া সাহসী মহিলাগৰাকী।
যুৱ সাংবাদিকগৰাকীৰ যুদ্ধত মৃত্যুৰ খবৰে সঁচাকৈয়ে কঁপাই তুলিছে বিশ্ববাসীক। ফাতিমাৰ ইচ্ছা নিৰ্মমভাৱে পূৰণ হ’ল। মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ফাতিমাই গম পাইছিল যে কানস্থিত এচিড চলচ্চিত্ৰ মহোৎসৱত যুদ্ধবিধ্বস্ত গাজাৰ জীৱনৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব।
ফাতিমাই যোৱা ডেৰ বছৰ ধৰি উত্তৰ গাজাত ইজৰাইল-হামাস যুদ্ধৰ ক্ষতচিহ্ন কেমেৰাত কৰি আহিছে । ইজৰাইলৰ সেনাৰ বোমা বিস্ফোৰণ, তেওঁলোকৰ ধ্বংসপ্ৰাপ্ত ঘৰৰ ধ্বংসাৱশেষ, ১০ জন আত্মীয়ৰ মৃত্যুৰ দৃশ্য বন্দী কৰিছে।
তেওঁ জানিছিল যে মৃত্যু তেওঁৰ ওচৰত। তথাপিও তেওঁ নিজৰ কাহিনী, গাজাৰ জনসাধাৰণৰ কাহিনী বিশ্বৰ আগত প্ৰকাশ কৰিছিল।
তেওঁ জানিছিল যে মৃত্যু তেওঁৰ ওচৰত আছিল। তথাপিও তেওঁ তেওঁৰ কাহিনী, গাজাৰ লোকসকলৰ কাহিনী বিশ্বলৈ আনিবলৈ ব্যাকুল হৈ পৰিছিল।
ফাতিমাৰ বিয়াৰ মাত্ৰ এদিন পূৰ্বে যোৱা বুধবাৰে (১৬ এপ্ৰিল) ইজৰাইলৰ সেনাই ফাতিমাৰ ঘৰক লক্ষ্য কৰি লয়। বোমা বিস্ফোৰণৰ ফলত ফাতিমাৰ ঘৰখন নিমিষতে শেষ হৈ পৰে। বিস্ফোৰণৰ ছিন্নভিন্ন হৈ পৰে ফাতিমা আৰু তেওঁৰ পৰিয়াল। মৃতসকলৰ ভিতৰত ফাতিমাৰ গৰ্ভৱতী ভগ্নীও আছিল।
ফাতিমাৰ মৃত্যুত শোক প্ৰকাশ কৰি ফৰাচী চলচ্চিত্ৰ মহোৎসৱ কৰ্তৃপক্ষই লিখিছে, ” তেওঁৰ দৃঢ়তাৰ দৰেই যাদুকৰী আছিল তেওঁৰ হাঁহিটো। গাজাৰ ফটো তুলিছিল, বোমাৰ পৰিৱৰ্তে ভোকাতুৰ আৰু শোকাতুৰ লোকসকলক খাদ্য প্ৰদান কৰিছিল সকলো ভয়ানক মুহূৰ্তৰ সাক্ষী হৈছে।তেওঁৰ বাবে আমি সকলো সময়তে ভয়ত আছিলোঁ।”