Maoist:কিছুসপ্তাহ পূৰ্বে শান্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল মাওবাদীয়ে। সেই পৰিৱেশত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত আন এজন মাওবাদী নিহত হয়। এইবাৰ ঝাৰখণ্ডত।
প্ৰশাসনিক সূত্ৰ অনুসৰি সোমবাৰে ঝাৰখণ্ডৰ বোকাৰোত নিৰাপত্তাৰক্ষীৰ হাতত আঠটা মাওবাদী নিহত হয়।
তাৰ ভিতৰত এজন মাওবাদীৰ মূৰৰ মূল্য আছিল এক কোটি টকা। প্ৰশাসনে এতিয়াও তেওঁৰ পৰিচয় প্ৰকাশ কৰা নাই। তথ্য অনুসৰি বন্দুকৰ যুঁজত কোনো নিৰাপত্তা বাহিনীৰ জোৱান আহত হোৱা নাই।
প্ৰশাসনিক সূত্ৰ অনুসৰি,সোমবাৰে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ জংঘল যুদ্ধ গোট (চিআৰপিএফ), কমাণ্ডো বেটেলিয়ন ফৰ ৰিজলিউশ্বন একচন (কোব্ৰা) আৰু ঝাৰখণ্ড আৰক্ষীৰ দ্বাৰা এক যুটীয়া অভিযান চলোৱা হয়।
প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে, পুৱা প্ৰায় পাঁচ বাজি ৩০ মিনিটৰ পৰা লুগু পাহাৰত বন্দুকৰ যুঁজ আৰম্ভ হয়। সেই ঘটনাত আঠজন লোকৰ মৃত্যু হৈছে।
ঘটনাস্থলীৰ পৰা এটা এ কে ছিৰিজ ৰাইফল, কিছু ইনফ্যানট্রি অস্ত্ৰ, এটা অটোমেটিক ৰাইফল, এটা পিষ্টল, আৰু আঠটা দেশত নিৰ্মিত বন্দুক উদ্ধাৰ কৰা হৈছে।
চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদীক অস্ত্ৰ-শস্ত্ৰ এৰি দিবলৈ আহ্বান জনাইছিল। তেওঁ কয়, “হিংসাই পৰিৱৰ্তন আনিব নোৱাৰে।” চত্তীশগড়ৰ গাঁওসমূহৰ উন্নয়নৰ বাবেও এক কোটি টকাৰ ঘোষণা কৰে।
তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে যদি মাওবাদীয়ে আত্মসমৰ্পণ কৰে তেন্তে চৰকাৰে তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব ল’ব। ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশখন ‘মাওবাদীমুক্ত’ হ’বলৈ আহ্বান জনাইছে শ্বাহে।ইফালে কিছু সপ্তাহ পূৰ্বে চত্তীশগড়ৰ বাষ্টাৰত মাওবাদীয়ে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল।
মাওবাদী পলিটব্যুৰোৰ সদস্য মল্লোজুলা ভেনুগোপাল ৰাও ওৰফে অভয়ৰ নামত এখন পত্ৰ লিখি কেন্দ্ৰীয় চৰকাৰৰ স’তে শান্তি আলোচনা আৰু যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়া হৈছে। ভেনুগোপাল পশ্চিমবংগত নিহত হোৱা মাওবাদী কিষেনজীৰ ভাতৃ।
ইয়াৰ পাছতে আজি চত্তীশগড়ত বাহিনীৰ গুলীত দুজন মাওবাদী নিহত হয়।