PM Modi: দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে ছৌদি আৰৱলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ আমন্ত্ৰণত এইবাৰ তৃতীয়বাৰৰ বাবে ছৌদি আৰৱ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
তথ্য অনুসৰি,এই ভ্ৰমণৰ সময়ত দুয়োখন দেশে খাৰুৱা তেল আৰু তেল শোধনাগাৰত বিনিয়োগৰ ক্ষেত্ৰত এক ঐতিহাসিক সিদ্ধান্ত ল’ব পাৰে।
ইয়াৰ উপৰিও, দুয়োখন দেশৰ মাজত কমেও ছয়খন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ইয়াৰ উপৰিও, হজযাত্ৰীসকলৰ স’তে সম্পৰ্কিত কেবাটাও বিষয় আলোচনা কৰা হ’ব।
মোডীৰ অধীনত ভাৰতে ছৌদি আৰৱ আৰু পশ্চিম এছিয়াৰ স’তে কূটনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে কাম কৰি আহিছে। সেই উদ্দেশ্যে দুয়োখন দেশৰ বন্ধুত্ব আৰু অধিক সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ।
মঙলবাৰে বিমানখনত উঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এক্স-হেণ্ডেলত এটা বাৰ্তা প্ৰদান কৰি কয়, “মই চৌদি আৰৱৰ জেদ্দালৈ ৰাওনা হৈছো। তাত বিভিন্ন গুৰুত্বপূৰ্ণ সভা আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিম। ভাৰত আৰু ছৌদি আৰৱৰ মাজত ঐতিহাসিক সম্পৰ্ক আছে।ভাৰত আৰু ছৌদি আৰৱৰ মাজত ঐতিহাসিক সম্পৰ্ক আছে। এই দ্বিপাক্ষিক সম্পৰ্কই যোৱা দশকত যথেষ্ট গতি লাভ কৰিছে। কৌশলগত অংশীদাৰিত্ব স্থাপনৰ বাবে ছৌদি প্ৰশাসনৰ স’তে সাক্ষাৎ কৰিবলৈ আগ্ৰহী। ইয়াত মই প্ৰবাসী ভাৰতীয়ৰ স’তেও সাক্ষাৎ কৰিম।”
চৰকাৰী সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ছৌদি আৰৱৰ স’তে ছয়টা বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব পাৰে। য’ত শক্তি, স্বাস্থ্য, বিজ্ঞান আৰু গৱেষণা, প্ৰতিৰক্ষা, সংস্কৃতি আৰু প্ৰযুক্তি খণ্ড অন্তৰ্ভুক্ত কৰা হৈছে। লগতে দুয়োখন দেশৰ মাজত বাণিজ্য সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনাও আছে।
ভাৰতলৈ খাৰুৱা তেল ৰপ্তানি কৰা তিনিখন বৃহৎ দেশৰ ভিতৰত ছৌদি আৰব অন্যতম। মোডীৰ ভ্ৰমণৰ সময়ত ৰিয়াদে ভাৰতলৈ তেল ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ৰেহাই ঘোষণা কৰিব পাৰে। কাৰণ চীনৰ মন্দাৱস্থা আৰু বৈদ্যুতিক বাহনৰ বাবে চীনৰ তেল ৰপ্তানিৰ ক্ষেত্ৰত কিছু ক্ষতি হৈছে।
সেই লোকচানৰ ক্ষতিপূৰণ ভাৰতৰ স’তে কৰিব বিচাৰে। তথ্য অনুসৰি,ছৌদি আৰবে পূব আৰু পশ্চিম ভাৰতৰ তিনিটা তেল শোধনাগাৰত বিনিয়োগ কৰিব পাৰে।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি ক্ৰাউন প্ৰিন্সৰ স’তে হজ তীৰ্থযাত্ৰা সন্দৰ্ভত বিতং আলোচনা কৰাৰ সম্ভাৱনা আছে।