Kashmir Terror Attack: মঙলবাৰে জম্মু-কাশ্মীৰৰ পহেলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ২৭ জন পৰ্যটক নিহত হয়।স্থানীয় একাংশ সূত্ৰৰ মতে মৃতকৰ সংখ্যা কমেও ২৮ জন।সূত্ৰ অনুসৰি আক্ৰমণকাৰীৰ সংখ্যা আছিল পাঁচৰ পৰা ছয়জন।
জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি কেবাটাও বাতৰিৰ পৰা দাবী কৰা হৈছে যে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগাম পাহাৰৰ এখন ৰিজ’ৰ্টৰ সমীপত পৰ্যটকক আক্ৰমণ কৰা হৈছে।
সেউজীয়া বৈসাৰণ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি থাকোঁতে তেওঁলোকক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।
সূত্ৰটোৱে জনোৱা মতে, অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক নাম সুধি এজন এজনকৈ গুলীচালনা কৰে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পেহেলগাম ভ্ৰমণ কৰিছে।
আক্ৰমণৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় সেনা-আৰক্ষী। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি উগ্ৰপন্থীসকলক বিচাৰি উলিয়াবলৈ অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী মোডী, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপাল মনোজ সিঙে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। ছৌদি আৰব ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো দোষীক ৰেহাই দিয়া নহ’ব।
প্ৰসংগক্ৰমে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ ভাৰত ভ্ৰমণৰ সময়ত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। এই পৰ্যন্ত কোনো উগ্ৰপন্থী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।