Jammu And Kashmir:✒️জম্মু-কাশ্মীৰৰ ডোডা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ। ঘটনাটোত কমেও পাঁচ জন লোকৰ মৃত্যু হৈছে। আহতসকলৰ সংখ্যা ১৯ জন।
আৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ ডোডা-বৰাথ পথৰ সমীপৰ পাণ্ডা অঞ্চলত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে।
তীব্ৰ শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।
আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি আহতসকল তাত চিকিৎসাধীন হৈ আছে। অৱশ্যে চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, আহতসকলৰ চাৰিজনৰ অৱস্থা সংকটজনক।
এই দুৰ্ঘটনাত এতিয়ালৈকে পাঁচজন লোকৰ মৃত্যু হৈছে। কিন্তু কি কাৰণত বাছখনে নিয়ন্ত্ৰণ হেৰুৱালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে প্ৰাৰম্ভিক তদন্তত যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।






























