Pahelgam Terror Attack : ‘তোক নামাৰো। তই গৈ মোদীক ক’বিগৈ!’ পহলগামৰ বৈছৰণত কালি নিৰস্ত্ৰ দেশী-বিদেশী পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলিচালনা কৰা পাকিস্তানী সন্ত্রাসবাদীয়ে এগৰাকী মহিলাৰ আগত এইদৰে গৰ্জন কৰে।
পল্লৱী নামৰ এই পর্যটকগৰাকীৰ স্বামীকো সন্ত্রাসবাদীয়ে হত্যা কৰে। পল্লৱীয়ে তেওঁৰ স্বামী মঞ্জুনাথ আৰু পুত্ৰৰ স’তে বন্ধৰ দিন উপলক্ষে কাশ্মীৰৰ পহলগাম ভ্ৰমণ কৰে।
কালি আন বহু পৰ্যটকৰ দৰে তেওঁলোকো প্ৰকৃতিৰ ৰম্যপুৰী বৈছৰণত উপস্থিত হয়। ইয়াৰ কিছু
সময়ৰ পাছতে সন্ত্ৰাসবাদীৰ দলে বিভীষিকা নমাই অনা বুলি সংবাদ মাধ্যমৰ আগত মহিলাগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁ কয়, ‘পুত্ৰ আৰু স্বামীৰ স’তে কাশ্মীৰ ভ্ৰমণলৈ আহিছিলো।আজি দুপৰীয়া ১-৩০ বজাত আমি পহলগামত উপস্থিত হওঁ। ইয়াৰ কিছু সময় পাছতে আকস্মিকভাৱে তিনি-চাৰিজন বন্দুকধাৰী আমাৰ সন্মুখত উপস্থিত হ’ল। আমাক নাম সুধি
অস্ত্ৰধাৰীকেইজনে গুলিবর্ষণ কৰে।’
মহিলাগৰাকীয়ে লগতে কয় যে অস্ত্ৰধাৰীকেইজনে বাছি বাছি হিন্দু ধৰ্মাৱলম্বী পৰ্যটকক হত্যা কৰে। স্বামীক হত্যা নকৰিবলৈ কান্দি কান্দি অনেক কাকুতি-মিনতি কৰাৰ পাছতো মঞ্জুনাথক মূৰত গুলীয়াই সন্ত্ৰাসবাদীৰ দলটোৱে হত্যা কৰে বুলি তেওঁ জানিবলৈ দিয়ে।
স্বামীক হেৰুৱাই দিশহাৰা হোৱা মহিলাগৰাকীয়ে কয়, ‘আপোনালোকে যেতিয়া মোৰ স্বামীক মাৰিলে আমাকো মাৰি পেলাওক। মোৰ কথা শুনি এজনে ক’লে, তোক নামাৰো ৷ এই কথা মোদী (প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী)ক ক’বিগৈ বুলি গর্জি উঠিল।’
আমোদ-প্রমোদৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰা মহিলাগৰাকীয়ে স্বামীৰ নশ্বৰদেহ যাতে ঘৰলৈ নিব পাৰে তাৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে।
বহু আতংকিত মহিলাৰ আৰ্তনাদ :
মোৰ স্বামীক বচাওক ‘মোৰ স্বামীক বচাওক’, মাটিত বাগৰি থকা গুলিবিদ্ধ স্বামীক সাবটি এগৰাকী মহিলাই আৰ্তনাদ কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
কালি পাকিস্তানী সন্ত্রাসবাদীয়ে বৈছৰণত নৰসংহাৰ সংঘটিত কৰাৰ পাছত সামাজিক মাধ্যমত এই ভিডিঅ’ শ্বেয়াৰ হয়। এই মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে বৈছৰণ ভ্ৰমণ কৰিছিল।
আকস্মিকভাৱে সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত তেওঁৰ স্বামী ঢলি পৰে। মাটিত বাগৰি পৰা স্বামীক সাবটি ধৰি তেওঁ স্বামীৰ প্ৰাণৰক্ষাৰ বাবে আর্তনাদ কৰিছে।
সন্ত্ৰাসবাদীৰ এই নৰসংহাৰৰ আন কেতবোৰ মৰ্মান্তিক দৃশ্য সম্বলিত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। এনে এটা ভিডিঅ’ত দেখা গৈছে বহুসংখ্যক মহিলাই সহায় ভিক্ষা কৰি আৰ্তনাদ কৰিছে।
এই মহিলাসকলৰ এগৰাকীয়ে ‘আমাৰ মাজত ‘সাপ’ সোমাল। এজন মানুহ আহিলে আৰু মোৰ স্বামীক গুলীয়ালে।’ বুলি শুনিবলৈ পোৱা গৈছে। ভিডিঅ’টোত আন এগৰাকী মহিলাক অসহায়ভাৱে দৃষ্টি দি থকা দেখা গৈছে।
মহিলাগৰাকীৰ মুখত তেজৰ ছিটিকনি দেখা গৈছে। তদুপৰি এনে হৃদয়বিদাৰক এটা ভিডিঅ’ত বহুসংখ্যক আহত গুলিবিদ্ধ লোকক মাটিত বাগৰি থকা দেখিবলৈ পোৱা গৈছে।
এই ভিডিঅ’ত এগৰাকী আতংকজৰ্জৰ মহিলাই ‘অনুগ্ৰহ কৰি কোনোবা এজনে তেওঁ (মহিলাগৰাকীৰ স্বামী)ক চিকিৎসালয়লৈ নিয়ক। অনুগ্ৰহ কৰি সহায় কৰক’ বুলি আৰ্তনাদ কৰা শুনিবলৈ পোৱা গৈছে।
তেজেৰে লুতুৰি-পুতুৰি হৈ থকা এজন মানুহৰ ওচৰত এই মহিলাগৰাকীক থিয় হৈ থকা দেখা গৈছে। সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বহুসংখ্যক পৰ্যটকক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷