Lashkar-e-Taiba : কাশ্মীৰৰ বান্দিপুৰ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’ডি) সমীপত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুক যুদ্ধত লস্কৰ-ই-তৈবা (এলইটি)ৰ শীৰ্ষ কমাণ্ডাৰ আলতাফ লাল্লি নিহত ।
সেনাৰ সূত্ৰৰ উদ্ধৃতি দি শুকুৰবাৰে প্ৰকাশিত বাতৰিটোত এই দাবী কৰা হৈছে ।
জম্মু-কাশ্মীৰ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ‘মষ্ট ৱাণ্টেড’ লস্কৰৰ কমাণ্ডাৰ আলতাফ পহলগাম আক্ৰমণকাৰী ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (আৰ টি এফ)ৰ স’তেও জড়িত আছিল। নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল।
বৃহস্পতিবাৰে নিশাৰ পৰা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি গুলীচালনা আৰম্ভ কৰিছে। সেই পৰিৱেশত লস্কৰ বাহিনী নতুন আক্ৰমণত সক্ৰিয় হৈ পৰিছে বুলি অনুমান কৰা হৈছে।
উল্লেখ্য যে ,বান্দিপোৰাৰ কুলনাৰ বাজিপোৰা অঞ্চলত সেনাই অভিযান চলাইছিল। আত্মগোপন কৰি থকা উগ্ৰপন্থীয়ে হঠাতে নিৰাপত্তা বাহিনীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছতে সেনাই ওলোটাই আক্ৰমণ কৰে আৰু সেই সময়তে আলতাফৰ মৃত্যু হয়।
জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াই কয় যে, “এয়া বাহিনীটোৰ এক ডাঙৰ সফলতা। আলটাফৰ সন্ধান বহুদিনৰ পৰা চলি আহিছে।”
বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক কৰা আক্ৰমণে সমগ্ৰ দেশ কঁপাই জোঁকাৰিছে । এই আক্ৰমণত ২৭ জন পৰ্যটক নিহত হয়। পহলগাম আক্ৰমণৰ পাছৰে পৰা, সমগ্ৰ জম্মু-কাশ্মীৰত সেনাৰ বিদ্ৰোহী বিৰোধী অভিযান তীব্ৰতৰ হৈছে।
বৃহস্পতিবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে ভাৰত বিৰোধী পদক্ষেপ লোৱাৰ সিদ্ধান্ত লোৱাৰ পাছৰ এলঅ’চিত নতুন উত্তেজনা বিয়পি পৰে। সুৰক্ষা বাহিনীয়ে লস্কৰ আৰু ইয়াৰ ছায়া সংগঠন আৰটিএফৰ বিৰুদ্ধেও সক্ৰিয় হৈ আছে। উল্লেখ্য যে,সুৰক্ষা বাহিনীয়ে উপত্যকাত দুজন লস্কৰ উগ্ৰপন্থীৰ ঘৰ ভাঙি পেলাইছে।