সোণ ক্ৰয় কৰাটো ভাৰতীয়সকলৰ বাবে এক ধৰণৰ পৰম্পৰা আৰু আবেগ ৷ ভাৰতত বিশেষকৈ বিয়া আৰু উৎসৱৰ বতৰত সোণৰ লেন-দেন সর্বাধিক হয়। সোণ ক্ৰয় কৰাৰ উপৰি স্বৰ্ণ বণ্ড আদিত বিনিয়োগ কৰিও বহুতে ধন-সম্পত্তি বৃদ্ধিৰ পৰিকল্পনা কৰে।
কিন্তু জৰুৰীকালীন অৱস্থাত বিপদত পৰি বহুতেই কেতিয়াবা সাঁচতীয়া সোণৰ গহনা পর্যন্ত বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয়। হঠাৎ নগদ ধনৰ প্ৰয়োজন হ’লে বহুতে সোণৰ গহনা বিক্ৰী কৰে যদিও উচিত দাম নাপায় বা বহু সময়ত নগদ ধন আহি হাতত পৰালৈ বহু পলম হৈ যায়।
সেয়ে তেনে পৰস্থিতিত নপৰিবৰ বাবে প্রত্যেকেই আগতীয়াকৈ সাজু হৈ থকা উচিত।জৰুৰীকালীনভাৱে ধনৰ প্ৰয়োজন হ’লে সোণৰ গহনা বিক্ৰী কৰি ক’ৰ পৰা আৰু কেনেদৰে তাৎক্ষণিকভাৱে উচিত মূল্যৰ নগদ ধন লাভ কৰিব পাৰিব সেই বিষয়ে কিছু কথা জানো আহক…
স্থানীয় গহনা ব্যৱসায়ী বা কাৰিকৰৰ হাতত সোণৰ গহনা বিক্ৰী কৰিলে প্ৰৱঞ্চনাৰ পূৰ্ণ প্ৰৱণতা থাকে। পৰিস্থিতিৰ সুবিধা লৈ সোণ গলোৱাৰ খৰচ, অপচয়ৰ খৰচ আদিৰ নামত বিপুল পৰিমাণৰ ধন কৰ্তন কৰে চতুৰ ব্যৱসায়ীসকলে। কিন্তু ইয়াৰ বিকল্প আছে।
যদি আপুনি পুৰণি সোণ বা সোণৰ গহনা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে স্থানীয় গহনা ব্যৱসায়ী বা কাৰিকৰৰ পৰিৱৰ্তে কেতবোৰ নিৰ্দিষ্ট এপ বা ৱেবছাইটযোগে বিক্ৰী কৰিব পাৰে।মুথুট গ’ল্ড পইন্ট,এমএমটিচি-পিএএমপি,গ’ল্ড মেক্স আৰু মোবিকুইক এপ হৈছে এনে কেতবোৰ নিৰ্ভৰযোগ্য কোম্পানী যিয়ে আপোনাৰ পৰা উচিত মূল্যৰ বিনিময়ত সোণ ক্রয় কৰে আৰু তাৎক্ষণিকভাৱে সেই মূল্য পৰিশোধো কৰে।
মুথুট গ’ল্ড পইণ্ট : তাৎক্ষণিকভাৱে নগদ ধন লাভ কৰিবলৈ হ’লে মুথুট গ’ল্ড পইণ্টত পুৰণি সোণ বিক্ৰী
কৰাটো আটাইতকৈ নিৰাপদ প্ৰক্ৰিয়া। ৱেবছাইটটোৰ মতে, ইয়াত সম্পূর্ণ বিনামূলীয়াকৈ সোণৰ বিশুদ্ধতা পৰীক্ষা কৰা হয়।
মুথু গ’ল্ড পইণ্টে ইয়াৰ সোণ বিক্ৰীৰ সমগ্ৰ প্ৰক্ৰিয়াটো এশ শতাংশ স্বচ্ছ বুলি দাবী কৰে। কেৱল এয়াই নহয়, ইয়াত সোণৰ গহনাৰ বিনামূলীয়া আল্ট্রাছ’নিক ক্লিনিঙো উপলব্ধ ৷গ্ৰাহকৰ চকুৰ সন্মুখতে উন্নত এক্সআৰএফ মেচিনত সোণৰ গুণগত মান, ওজন আৰু বিশুদ্ধতা পৰীক্ষা কৰা হয়।তাৰ পাছত চলি থকা বজাৰ মূল্য অনুসৰি সোণৰ মূল্য নিৰ্ধাৰণ কৰা হয়।
এমএমটিচি-পিএএমপি :এমএমটিচি-পিএএমপিত নগদ ধনৰ বিনিময়ত যিকোনো ব্যক্তিয়ে সোণ বিক্ৰী কৰিব পাৰে। ইয়াত প্ৰথম পৰ্যায়ত এক্স-ৰে ফুৰোচেন্স প্ৰযুক্তিৰ মেচিন ব্যৱহাৰ কৰি সোণৰ ওজন আৰু মূল্য পৰিমাপ কৰা হয় যাতে গ্ৰাহকে পুৰণি সোণৰ উচিত আৰু সম্পূর্ণ মূল্য লাভ কৰিব পাৰে । দ্বিতীয় পৰ্যায়ত সোণ বিক্ৰী কৰিব খোজা ব্যক্তিজনৰ চকুৰ সন্মুখতে সোণ গলাই দিয়া হয়। তাৰ আগতে সোণৰ বাইবেক ৰেট আৰু ছাৰ্ভিচ চাৰ্জৰ বিষয়েও তেওঁক অৱগত কৰা হয়।
গ’ল্ড মেক্স : কেৱল সোণৰ গহনাই নহয়, সোণৰ মুদ্ৰা, ৰূপৰ মুদ্রা,প্লেটিনামৰ গহনা আনকি অব্যৱহৃত ছেকেণ্ড হেণ্ড গহনাও ইয়াত বিক্ৰী কৰিব পাৰি। ৱেবছাইটটোৰ মতে,সোণৰ আকাৰ বা অৱস্থা যিয়েই নহওক কিয়, সেয়া ভঙা সোণেই হওক বা স্ক্রেপ গ’ল্ড, ক্ষতিগ্রস্ত সোণ, সোণৰ মুদ্ৰা আৰু গহনা আদি যিয়েই নহওক কিয়, এইটো ৱেবছাইটত নিমিষতে নগদ ধনেৰে মূল্য পৰিশোধ কৰা হয় ।
মোবিকুইক এপ : প্রথমে ইচ্ছুক বিক্ৰেতাজনে নিজৰ ম’বাইল নম্বৰৰে মোবিকুইক গ্রাহক প’ৰ্টেলত লগ ইন কৰিব লাগিব ৷ তাৰ পাছত গ্রাহকে বিক্ৰী কৰিব বিচৰা সোণৰ পৰিমাণ লিখিব লাগিব। সোণ বিক্ৰীৰ বাবদ লাভ কৰা ধন মোবিকুইক ৱালেটৰ স’তে সংযুক্ত গ্ৰাহকৰ বেংক একাউণ্ট বা ইউপিআই ঠিকনাত জমা কৰা হ’ব।