Iran :ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰায় যুদ্ধৰ পৰিস্থিতি। এনে পৰিস্থিতিত শনিবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰে। তেওঁ পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এক্স-হেণ্ডেলত কয়, “ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্কিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰে আৰু জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই একমত যে এনে আক্ৰমণৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। আৰু মানৱতাক বিশ্বাস কৰা সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।”
পাছত, ভাৰতৰ ইৰানী দূতাবাসেও দুয়োগৰাকী নেতাৰ মাজত ফোনৰ কথোপকথনৰ বিষয়ে এক্স-হেণ্ডেলত পোষ্ট কৰে। গান্ধী আৰু নেহৰুৰ দৰে কিংবদন্তি ভাৰতীয় নেতাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয় যে ইৰাণে এনে শান্তি, বন্ধুত্ব আৰু সহাৱস্থানৰ ৰাষ্ট্ৰদূতক অতিশয় সন্মান কৰে। তেওঁ আশা প্ৰকাশ কৰে যে বিশ্বৰ সকলো দেশৰ স’তে ভাৰতৰ সম্পৰ্কত এই মনোভাৱ অব্যাহত থাকিব।
ইয়াৰ পূৰ্বে, ইৰাণৰ বৈদেশিক মন্ত্ৰী ছাইদ আব্বাছ আৰাঘচিক তেওঁৰ এক্স-হেণ্ডেলত পহেলগাম আক্ৰমণৰ বিষয়ে পোষ্ট কৰা দেখা গৈছে।