Punjab Police : পহলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত ২৭ জন লোকৰ মৃত্যু । সকলো সীমান্ত জিলাৰ আৰক্ষীকো সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে।
ইয়াৰ মাজতে, পঞ্জাৱ আৰক্ষীৰ বৃহত সফলতা । পাকিস্তানৰ স’তে সম্পৰ্ক থকাৰ সন্দেহত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক। অভিযুক্তজনৰ পৰা পাঁচটা পিষ্টল জব্দ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যোধবীৰ সিং তৰ্ণ তৰণ জিলাৰ নাইশ্বেৰাৰ বাসিন্দা। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ পৰা দুটা পিএক্স৫ পিষ্টল, এটা পইণ্ট ৩০ আৰু দুটা ৯এমএম গ্লক পিষ্টল জব্দ কৰে।
প্ৰাথমিক তদন্তৰ সময়ত আৰক্ষীয়ে যোধপুৰ পাকিস্তানী সৰবৰাহকাৰীৰ স’তে জড়িত বুলি তথ্য লাভ কৰে। তেওঁলোকৰ সহায়ত তেওঁ ভাৰতত অস্ত্ৰ সৰবৰাহকাৰী হিচাপে কাম কৰিছিল।
উল্লেখ্য যে, এই সন্দৰ্ভত অমৃতসৰৰ ৰাজ্যিক বিশেষ অভিযান কোষে এটা গোচৰ ৰুজু কৰিছে। এই ৰেকেটটোত আৰু কোনো লোকে জড়িত আছে নেকি সেইয়া জানিবলৈ আৰক্ষীয়ে এটা তদন্ত আৰম্ভ কৰিছে।