Pakistan :যোৱা বৃহস্পতিবাৰে নিশাৰ পৰা পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ বিভিন্ন ভাৰতীয় স্থানক লক্ষ্য কৰি লৈছে। সেই আক্ৰমণৰ প্ৰতিও ভাৰতে ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সোমবাৰে নিশা পাকিস্তানে পুনৰ গুলীচালনা কৰে। একেৰাহে পাঁচবাৰ এনে হৈছিল।
২৮ এপ্ৰিলৰ নিশা পাকিস্তান সেনাই কুপৱাৰা আৰু বাৰামুলা জিলা আৰু আখনুৰ চেক্টৰৰ বিপৰীতে থকা অঞ্চলসমূহ লক্ষ্য কৰি নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) কাষত অপ্ৰৰোচিত গুলীবৰ্ষণ কৰে।
অৱশ্যে, ভাৰতীয় সেনাবাহিনীয়ে জনাইছে যে তেওঁলোকে এই প্ৰৰোচনাৰ সহাঁৰি পৰিমাপিত আৰু কাৰ্যকৰী প্ৰকাৰে দিছে।
সেনাই এক বিবৃতিত কয় যে, “২৮-২৯ এপ্ৰিলৰ মাজৰ নিশা পাকিস্তান সেনাই কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ আখনুৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে অপ্ৰৰোচিত ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাৰ সূচনা কৰে। এই প্ৰৰোচনাৰ প্ৰতি ভাৰতীয় সেনাই উপযুক্ত উত্তৰ দিলে।”
২২ এপ্ৰিলত পহলগামত সংঘটিত উগ্ৰপন্থী আক্ৰমণত ২৬ জন নিৰীহ পৰ্যটকৰ মৃত্যুৰ পাছত কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা অব্যাহত আছে।
ইয়াৰ পূৰ্বে ২৬-২৭ এপ্ৰিলৰ নিশা নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানৰ গুলীচালনাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সেইদিনা পাকিস্তানে টুটমাৰী গালি আৰু ৰামপুৰ ছেক্টৰৰ বিপৰীত ফালৰ অঞ্চলত গুলীচালনা কৰে।
সোমবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তাত তেওঁ প্ৰধানমন্ত্ৰীক জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু সামৰিক প্ৰস্তুতিৰ বিষয়ে বিতংভাৱে অৱগত কৰে।
উল্লেখ্য যে,পহলগাম আক্ৰমণৰ প্ৰতিবাদত ভাৰতে কেবাটাও শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।