Pedicure: আপুনি ছালৰ যত্ন লৈ শেহতীয়া ফেশ্বনৰ কাপোৰ পিন্ধি, অতিৰিক্ত ওজন কমাই আপোনাৰ ফিটনেছ বজাই ৰাখিছে, কিন্তু ভৰিৰ যত্নত অৱহেলা কৰা নাই নে?
আচলতে সৌন্দৰ্যৰ কথা আহিলে বহুতে ভৰিক অৱহেলা কৰে। ইফালে, গৰমত ভৰিৰ জেদী ছালৰ দাগবোৰ আঁতৰোৱাটো কঠিন হৈ পৰে। তেনে ক্ষেত্ৰত পাৰ্লাৰত পেডিকিউৰত ধন খৰচ নকৰাকৈয়ে সহজেই ঘৰতে ভৰিৰ যত্ন ল’ব পাৰি। কেনেকৈ ?
(১) এটা ডাঙৰ বাটিত গৰম পানী লৈ নিমখ, ভিনেগাৰ বা বেকিং ছোড়া আৰু অলপ ছেম্পু দিব। এচেনচিয়েল অইল কেইটোপালমানো দিব পাৰে। এতিয়া ভৰিত মৃদু তৰল চাবোন লগাই গৰম পানীত ২০ মিনিট তিয়াই থওক। চাফাই ব্ৰাছেৰে ভালদৰে স্ক্ৰাব কৰক। গোৰোহাৰ অংশটো পিউমিচ পাথৰেৰে ঘঁহিলে ভৰি দুখন কোমল হৈ পৰিব।
(২) ভৰি দুখন গৰম পানীত তিয়াই টাৱেলেৰে শুকুৱাই লওক।তাৰ পাছত আটা, চাউলৰ গুড়ি, মৌ, নেমুৰ ৰস আৰু মচুৰ দাইলৰ পেষ্ট একেলগে মিহলাই লগাব । অথবা চেনি, বিলাহী, নেমুৰ ৰস একেলগে মিহলাই লগাব। ১৫ মিনিট ৰাখি ধুই পেলাওক। তাৰ পাছত ভৰি দুখন ভালদৰে শুকুৱাই মইশ্ব’ৰাইজাৰ লগাওক ।
(৩) কলৰ খোলাটো ভৰিৰ গোৰোহাত ঘঁহি অলপ সময় ৰাখিব। তাৰ পাছত গোৰোহাটো পানীৰে পৰিষ্কাৰ কৰক। নিয়মিতভাৱে এই কাম কৰিলে আপুনি লাভৱান হ’ব। কলৰ খোলা মিহলাই অলপ বেকিং ছোড়া দিয়ো ভৰি ঘঁহিব পাৰে। পাঁচ মিনিট ৰাখি তাৰ পাছত ভৰি দুখন প্রায় আধা বাল্টি পানীত ডুবাই থৈ তাতেই অলপ সময় ৰাখিব । তাৰ পাছত টাৱেলেৰে মচি ক্ৰীম বা মইশ্ব’ৰাইজাৰ লগাই দিলে পার্থক্য অনুভৱ কৰিব পাৰি।