Air India: ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰিছে পাকিস্তানে। ইয়াৰ বাবে এয়াৰ ইণ্ডিয়াৰ কমেও ৫ হাজাৰ কোটি টকাৰ লোকচান হ’ব পাৰে! সূত্ৰ অনুসৰি পাকিস্তানৰ আকাশমাৰ্গ যদি এবছৰ ধৰি ভাৰতীয় বিমানৰ বাবে বন্ধ হৈ থাকে তেন্তে এয়াৰ ইণ্ডিয়াই বৃহৎ লোকচানৰ সন্মুখীন হ’ব।
ইতিমধ্যে কেবাটাও বিমান সংস্থাই এই সন্দৰ্ভত কেন্দ্ৰৰ স’তে আলোচনাত মিলিত হৈছে।
পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হৈ থকাৰ সময়তে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই বিকল্প পথ ব্যৱহাৰ কৰাৰ বাহিৰে আন উপায় নাই।
সেইবাবেই প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় বিমানত অতিৰিক্ত ডেৰ ঘণ্টা সময় লাগে। উৰণৰ খৰচো দ্ৰুতগতিত বৃদ্ধি পাইছে। সৰ্বমুঠ প্ৰতি সপ্তাহত ৭৭ কোটি টকা ব্যয় বৃদ্ধি পাইছে। প্ৰতিমাহে প্ৰায় ৩০৬ কোটি টকা।
বিশেষজ্ঞসকলে কয় যে যদি দুয়োখন দেশৰ মাজত সংঘাত অব্যাহত থাকে তেন্তে বিমান সংস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় বিমানৰ ভাড়া বৃদ্ধি কৰিবলৈ বাধ্য হ’ব।
সূত্ৰ অনুসৰি, এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো, স্পাইচজেট, আকাছা এয়াৰৰ দৰে কেবাটাও বিমান সেৱাই ইতিমধ্যে বিমানব্যয় বৃদ্ধিক লৈ কেন্দ্ৰৰ স’তে আলোচনা বহিছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক কোম্পানীসমূহে জনাইছে যে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত যথেষ্ট প্ৰভাৱ পৰিছে। খৰচৰ বোজা হ্ৰাস কৰিব পৰা বিকল্প পথৰ সন্দৰ্ভতো কেন্দ্ৰৰ স’তে আলোচনা কৰা হৈছে। কেন্দ্ৰৰ পৰাও পৰামৰ্শ বিচাৰিছে।
সূত্ৰ অনুসৰি কেন্দ্ৰই সমগ্ৰ পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে। বিমান সংস্থাসমূহৰ সমস্যা সমাধানৰ বাবেও প্ৰচেষ্টা অব্যাহত আছে। অৱশ্যে কোনো এটা দলে এই বৈঠক আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।
উল্লেখ্য যে ,বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোক নিহত হয়। অনুসন্ধানত প্ৰকাশ পাইছে যে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰীহ নাগৰিকসকলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছে।
ইয়াৰ পাছতে, দিল্লীয়ে পাকিস্তানৰ বিৰুদ্ধে কেবাটাও পদক্ষেপ লয়। আৰু পাকিস্তানেও ভাৰতীয় বিমান সেৱাসমূহক ইয়াৰ আকাশসীমাত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে।