Hajj 2025 : বিশ্বজুৰি লাখ লাখ মুছলমান লোকে প্রতি বছৰে মক্কা আৰু মদিনাৰ হজত অংশ লৈ আহিছে। কিন্তু ২০২৫ বৰ্ষৰ হজত ছৌডি আৰবে কিছু নতুন নিয়ম-নীতি বলবৎ কৰিছে।
হজযাত্ৰাক অধিক নিয়ন্ত্ৰিত আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে ছৌডি আৰবে নতুন নিয়ম বলবৎ কৰিলে। হজযাত্রাত এইবাৰ বিনা অনুমতিত কোনো লোকে অংশ ল’ব নোৱাৰিব।
অনুমতি অবিহনে কোনো লোকে হজযাত্ৰাত অংশ লৈ ধৰা পৰিলে ৪.৫ লাখ টকাৰ জৰিমনা বিহা হ’ব। যদি কোনো ব্যক্তিয়ে অবৈধভাৱে কোনো তীর্থযাত্রীক হজযাত্ৰাৰ বাবে সহায় কৰে তেন্তে সেই ব্যক্তিক ২২.৭ লাখ টকালৈকে জৰিমনা বিহা হ’ব।
এনে তীর্থযাত্রীক আশ্ৰয় দিয়া হোটেল আদিৰ মালিককো ২২.৭ লাখ টকালৈকে জৰিমনা বিহা হ’ব। উল্লেখ্য যে এইবাৰ হজযাত্ৰা চাৰি পৰা ন জুনৰ সময়ছোৱাত অনুষ্ঠিত হ’ব।
এইবাৰ ১,২২,৫১৮ তীর্থযাত্ৰীয়ে হজত অংশ ল’ব। ভাৰতীয় হজযাত্ৰীক লৈ প্ৰথমখন বিমানে যোৱা ২৯ এপ্ৰিলত ছৌডি আৰবলৈ ৰাওনা হৈছিল।