Fishermen: তামিলনাডুৰ মাছমৰীয়াসকলক ওপৰত আক্ৰমণ চলালে শ্ৰীলংকাৰ জলদস্যুয়ে। কেৱল আক্ৰমণ কৰাই নহয়, লুণ্ঠন চলাই ১০ লাখ টকাৰ সামগ্ৰী আৰু যন্ত্ৰাংশ কাঢ়ি লৈ যায় জলদস্যুয়ে । ঘটনাটো শুক্ৰবাৰে সংঘটিত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি কৰ’মেণ্ডেল উপকূলত ৩০ জনীয়া এটা মাছমৰীয়াৰ দলে মাছ ধৰি আছিল। কোডিয়াকাৰাইৰ দক্ষিণ-পূব দিশত সৰু সৰু গোটত মাছ ধৰিছিল ৩০ জন মাছমৰীয়াই। তেওঁলোকৰ দাবী যে সেই সময়ত স্পীডবোটত উঠি আহিছিল জলদস্যুৰ এটা সশস্ত্ৰ দল।
দলটোৱে মাছমৰীয়াসকলক আক্ৰমণ কৰিছিল। তথ্য অনুসৰি,এই আক্ৰমণত ১৭ জন মাছমৰীয়া আহত হয়।
এজন মাছমৰীয়াই দাবী কৰা অনুসৰি,তেওঁলোক ভাৰতীয় জলসীমাতে আছিল। জলদস্যুসকলে শ্ৰীলংকাৰ পৰা ভাৰতীয় পানীত আহি আক্ৰমণ চলাই। মাছমৰীয়াসকলক প্ৰহাৰ কৰা হয়। তাৰ পাছত তেওঁলোকে মাছ ধৰা জাল, জিপিএছ আৰু প্ৰয়োজনীয় সামগ্ৰী লুটি লৈ যায় ।
আৰক্ষীৰ সূত্ৰ অনুসৰি আহত মাছমৰীয়াকেইজনক নগাপট্টিনামৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈ হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে মাছমৰীয়াসকলে। এজন মাছমৰীয়াৰ কথাত,এই ঘটনাৰ প্ৰতিবাদত আমি কাম বন্ধ কৰাৰ সিদ্ধান্ত লৈছো।’ অনাগত দিনত যদি আমাক পুনৰ আক্ৰমণ কৰা হয় তেন্তে আমি অনিৰ্দিষ্টকাললৈ ধৰ্মঘট কৰিম।’
প্ৰসংগক্ৰমে যোৱা বছৰৰ ডিচেম্বৰ মাহত তামিলনাডুৰ মাছমৰীয়াসকলকো শ্ৰীলংকাৰ জলদস্যুই আক্ৰমণ কৰিছিল। তেওঁলোকৰ সকলো বস্তু লুটপাত কৰা হৈছিল।