‘অপাৰেচন সিন্দূৰ’ পাছত মন্ত্ৰীসভাৰ বৈঠকত মোদী! 

1746610309 modi all party meet

Operation Sindoor: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই। সেনাই মাজনিশা পাকিস্তানৰ ন’টা স্থানত আক্ৰমণ কৰি একাধিক সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা বুলি দাবী কৰে।

ইয়াৰ আক্ৰমণৰ পাছতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে ‘অপাৰেচন সিন্দূৰ’ক লৈ সৰ্বদলীয় বৈঠক আহ্বান কৰে। পুৱা ১১ বজাত অনুষ্ঠিত হ’ব এই বৈঠক।

কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতীয় নিৰাপত্তা বাহিনীক প্ৰশংসা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সূত্ৰ অনুসৰি, মোডীয়ে বৈঠকত কয় যে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে পৰিকল্পনা কৰা সকলো লক্ষ্য সফলতাৰে প্ৰাপ্ত কৰিছে। কোনো ক্ষেত্ৰতে তেওঁলোক ব্যৰ্থ হোৱা নাই।

‘অপাৰেচন সিন্দূৰ’ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নিশা এই অভিযানৰ তত্বাৱধান কৰে। তথ্য অনুসৰি, ‘অপাৰেচন সিন্দূৰ’ নামটোও তেৱেই দিয়া। যিহেতু পহলগামত পত্নীসকলৰ সন্মুখত স্বামীসকলক হত্যা কৰা হৈছিল সেই প্ৰেক্ষাপটতে এই নামকৰণ কৰা হৈছে বুলি অনুমান কৰা হৈছে ।

কেবিনেট বৈঠকৰ অন্তত ৰায়চিনা পাহাৰৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী। তাতে তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ‘অপাৰেচন সিন্দূৰ’ৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰে।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰে। যদিও সেই বৈঠকত উপস্থিত নাছিল প্ৰধানমন্ত্ৰী মোডী।

সেইদিনা তেওঁ গৈছিল বিহাৰৰ মধুবনীলৈ ।যাক লৈ বিৰোধীয়ে কটাক্ষও কৰে।এইবাৰ অনুষ্ঠিত বৃহস্পতিবাৰৰ বৈঠকত মোডী উপস্থিত থাকিব নে নাই সেয়া হ’ব লক্ষ্যণীয়।

Exit mobile version