India-Pakistan:পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে প্ৰতি সতৰ্কবাণী জাৰি কৰে।
তেওঁ জনাইছে,এই ভাৰতীয় আক্ৰমণৰ পাছত পাকিস্তানে মৌনতা অৱলম্বন নকৰে। উপযুক্ত উত্তৰ দিয়া হ’ব।
শ্বাহবাজে তেওঁৰ এক্স-হেণ্ডেলত লিখিছে, “ধূৰ্ত শত্ৰুৱে পাকিস্তানৰ পাঁচটা অঞ্চলত কাপুৰুষমূলক আক্ৰমণ চলাইছে। ভাৰতৰ যুদ্ধ ঘোষণাৰ প্ৰতি সঁহাৰি জনোৱাৰ অধিকাৰ পাকিস্তানৰ আছে। ইয়াৰ সঁহাৰি ইতিমধ্যে আৰম্ভ হৈছে। আমি উপযুক্ত উত্তৰ দিম। সমগ্ৰ দেশ পাকিস্তানী সেনাৰ লগত আছে। সকলো পাকিস্তানী নাগৰিকৰ মনোবল উচ্চ।”
লগতে তেওঁ লিখিছে, “পাকিস্তান আৰু পাকিস্তানী সেনাই শত্ৰুৰ স’তে কেনেকৈ মোকাবিলা কৰিব লাগে জানে। আমি কেতিয়াও শত্ৰুক তেওঁলোকৰ অসৎ লক্ষ্য পূৰণ কৰিবলৈ নিদিওঁ।”
প্ৰসংগক্ৰমে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে পাকিস্তানৰ ন’টা স্থানত আঘাতহনা হৈছে। অৱশ্যে শ্বাহবাজে সেই দাবী খাৰিজ কৰি জনাইছে, পাঁচটা স্থানত আক্ৰমণ সংঘটিত হৈছে।
উল্লেখ্য যে,মঙলবাৰে মাজনিশা ভাৰতীয় বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত আক্ৰমণ কৰে।
নতুন দিল্লীয়ে ইতিমধ্যেই জনাইছে যে ভাৰতে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ সঁহাৰি পচন্দ সময় আৰু পচন্দৰ স্থানত দিব। ভাৰতীয় সেনাই ঘোষণা কৰিছিল যে মঙলবাৰে মাজ নিশাৰ পাছত এই আক্ৰমণ হয়।
কিছুমান ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে যে ভাৰতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদত মিছাইল নিক্ষেপ কৰি আঘাত কৰিছে।
অৱশ্যে, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা চমু বিবৃতিত কোনো চহৰৰ নাম উল্লেখ কৰা হোৱা নাই। ভাৰতৰ ‘অপাৰেচন সিন্দৰ’ৰ সময়ত, পাকিস্তানে জম্মু-কাশ্মীৰৰ পুঞ্চ-ৰাজৌৰী অঞ্চলত যুদ্ধবিৰতি চুক্তি উলংঘা কৰে আৰু গোলাবর্ষণ আৰম্ভ কৰে।