ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ‘অপাৰেছন সিন্দূৰ’ৰ সফল ৰূপায়ণ কৰাৰ পাছতে উন্মাদপ্ৰায় আচৰণ কৰি পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰতীয় লোকৰ গাঁৱলৈ ধাৰাসাৰে গোলাবর্ষণ কৰে।
ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাবাহিনীয়ে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কালি জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ ভাৰতীয় গাঁওসমূহলৈ কৰা গোলাবর্ষণত কমেও ১৫ জন সাধাৰণ লোকৰ প্ৰাণহানি ঘটাৰ লগতে আন ৪৩ জন আহত হয়।
পাক সেনাৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ উচিতভাৱে দি ভাৰতীয় সেনায়ো গুলিবর্ষণ কৰাত শত্রুপক্ষৰ কে’বাজনো হতাহত হয়। সূত্রই প্রকাশ কৰা মতে, পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত কৰা গোলাবর্ষণৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হয় জম্মু-কাশ্মীৰৰ পুঞ্চ জিলা।
পাক সেনাৰ গোলাবর্ষণত হতাহতসকলৰ অধিকাংশই হৈছে পুঞ্চ জিলাৰ। আহতসকলৰ কিছুসংখ্যকৰ অৱস্থা সংকটজনক বুলি সূত্রই প্রকাশ কৰিছে।
পাক সেনাৰ এই নির্বিচাৰ গোলাবর্ষণে স্বাভাবিকতে নিয়ন্ত্রণ ৰেখাৰ ওচৰৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে সীমান্তবর্তী অঞ্চলৰ লোকসকলৰ বহুতে ভূ-গর্ভস্থ বাংকাৰত আশ্ৰয় লৈছে।
তদুপৰি একাংশই ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে।সূত্রই জনোৱা মতে, পাক সেনাৰ এই গোলাবর্ষণ কালি দুপৰীয়ালৈকে অব্যাহত থাকে।
তাৰ পাছতো ছেগা-চোৰোকাকৈ এই গোলাবর্ষণ চলি থাকে। ঘাইকৈ পুঞ্চ অঞ্চলত পাক সেনাৰ এই গোলাবর্ষণ অব্যাহত থাকে। চৰকাৰী তথ্য অনুসৰি, পুঞ্চৰ উপৰি বালাকোট, মেন্ধাৰ, মানকোট, কৃষ্ণঘাটি, গুলপুৰ, কার্ণি আদিত পাক সেনাই গোলাবর্ষণ কৰে।
আনকি পুঞ্চ জিলাৰ সদৰলৈও পাক সেনাই গোলাবর্ষণ কৰে। এই গোলাবর্ষণত বহু লোকৰ ঘৰ-দুৱাৰ আৰু যানবাহনো ক্ষতিগ্রস্ত হয়। তদুপৰি পুঞ্চৰ বাছ আস্থানো গোলাবর্ষণত ক্ষতিগ্রস্ত হয়।
আনহাতে পাক সেনাৰ গোলাবর্ষণত হতাহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ চেষ্টা কৰা স্থানীয় লোকসকল থমকি ৰ’ব লগা হয়। কাৰণ দীর্ঘ সময় ধৰি পাক সেনাৰ এই গোলাবর্ষণ অব্যাহত থাকে।
ভাৰতীয় সেনাই পাকিস্তানী সেনাক উচিত প্রত্যুত্তৰ দিয়ে বুলি সদৰী কৰি সেনাৰ সূত্রই জনায় যে ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত শত্রুপক্ষৰ বাহিনীৰ অনেক হতাহত হয়।
আনহাতে, পাক সেনাৰ এই গোলাবর্ষণৰ বাবে কালি জম্মু অঞ্চলৰ পাঁচখন সীমান্তবর্তী জিলাৰ সকলো শৈক্ষিক অনুষ্ঠান কর্তৃপক্ষই বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে।
এই সম্পৰ্কত মাণ্ডলিক আয়ুক্ত ৰমেশ কুমাৰে সামাজিক মাধ্যম এক্সত কয়, ‘সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জম্মু, চাম্বা, কাঠুৱা, ৰাজৌৰি আৰু পুঞ্চৰ আজি সকলো স্কুল, কলেজ তথা শিক্ষানুষ্ঠান বন্ধ ৰখা হয়।’
উল্লেখ্য যে পহলগামৰ সন্ত্রাসবাদীৰ নৰসংহাৰৰ পাছত পাকিস্তানে নিয়ন্ত্রণ ৰেখাত আজিলৈকে একেৰাহে ১৩ বাৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ভাৰতৰ ভূমিলৈ অপ্ৰৰোচিতভাৱে গুলিবর্ষণ কৰে।
এই সম্পৰ্কত ভাৰতীয় সেনাই এক্সত কয়, ‘পাকিস্তানে আকৌ পুঞ্চ-ৰাজৌৰি অঞ্চলত যুদ্ধবিৰতি চুক্তি উলংঘা কৰিলে। ভাৰতীয় সেনাই বিন্যাসিতভারে উপযুক্ত প্রত্যুত্তৰ দিয়ে।’
লক্ষ্যণীয় যে ২০২১ৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি নবীকৰণৰ পাছত নিয়ন্ত্রণ বেখা আৰু আন্তর্জাতিক সীমান্তত যুদ্ধবিবতি চুক্তি উলংঘা ঘটনা বিৰল আছিল। যোৱা ২২ এপ্ৰিলৰ পহলগাম কাণ্ডৰ পাছত পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হয়।