Operations Sindoor:
:পাকিস্তানৰ আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰা ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ সামৰিক পদক্ষেপৰ নাম’অপাৰেচন সিন্দূৰ’ ৰাখে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। এই সামৰিক পদক্ষেপৰ এনে সাংকেতিক নামকৰণৰ আঁৰত হিন্দু নাৰীৰ বৈবাহিক স্থিতিৰ এক মনস্তাত্ত্বিক দিশো জড়িত আছে। ‘অপাৰেচন সিন্দুৰ‘ নামটো প্রতীকাত্মকতাৰে গধুৰ হৈ আছে। হিন্দু মহিলাসকলে বৈবাহিক স্থিতি বুজাবৰ বাবে কপালত সেন্দূৰৰ ফোট লয়। অর্থাৎ এই সেন্দূৰে বিবাহৰ প্ৰতীকক সূচায়। গতিকে সন্ত্রাসবাদী বৰ্বৰতাৰ বলি পহলগামৰ ২৬ পৰ্যটকৰ মাজৰ বিবাহিতসকলৰ পত্নীসকলৰ কপালৰ সেন্দূৰ মচা গেছে।
সেয়েহে এই নৰসংহাৰৰ প্ৰতিশোধকল্পে চলোৱা অভিযানটোৰ নাম ‘সিন্দূৰ’ ৰাখে প্রধানমন্ত্রী মোদীয়ে। ভাৰতীয় সেনাই ইংৰাজীৰ বৰফলা আখৰৰে লিখা ‘অপাৰেচন সিন্দ্ৰ’ৰ এক ছবি প্ৰদৰ্শন কৰিছে। ইংৰাজীত সিন্দুদ্ৰ শব্দটোত দুটা ‘ও’ আখৰ ব্যৱহাৰ কৰা হয়। ইয়াৰে এটা ‘ও’ৱে সেন্দূৰৰ পাত্ৰটোক বুজায়। ইয়াৰে কিছু পৰিমাণৰ সিচৰতি হৈ থকাটোৱে চাৰিজনীয়া সন্ত্রাসবাদীৰ দলটোৱে ২৫ গৰাকী মহিলাৰ পৰা জীৱন সংগীক কাঢ়ি নিয়াটো সূচাইছে। ভাৰতীয় সেনাই ব্যৱহাৰ কৰা উক্ত ছবিৰ কেপচন ‘জাষ্টিচ ইজ দ্বার্ভড (ন্যায় প্রদান কৰা হৈছে)। জয় হিন্দ’ বুলি লিখা আছে।
উল্লেখ্য যে যোৱা ২২ এপ্রিলত পহলগামৰ বৈছৰণত নৰসংহাৰ চলোৱা সন্ত্রাসবাদীৰ দলটোৱে পর্যটকসকলৰ ধৰ্ম সুধি গুলীয়াই হত্যা কৰাৰ বাতৰি প্ৰচাৰ হৈছে। গতিকে পাক সন্ত্রাসবাদী বিৰোধী এই সামৰিক পদক্ষেপৰ সাংকেতিক নাম ‘অপাৰেচন সিন্দূৰ’ ৰখা হয়। ইয়াৰ জৰিয়তে সন্ত্রাসবাদী আৰু সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানলৈ এক মনস্তাত্ত্বিক বার্তাও প্ৰেৰণ কৰা হৈছে বুলি চর্চিত হৈছে। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ এই সফল সামৰিক পদক্ষেপৰ বাতৰি বিয়পি পৰাৰ পাহতে পহলগামৰ ভুক্তভোগীসকলে সন্তুষ্টি প্রকাশ কৰিছে।
পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰতাত জীৱন সংগীক হেৰুওৱা পুনেৰ সংগীতা গানব’তে নামৰ মহিলাগৰাকীয়ে কয়, ‘মই সেই দিনটোৰ কথা পাহৰিব নোৱাৰো। প্ৰতিদিনে মই কান্দি আছো। প্রধানমন্ত্রীয়ে এনে পদক্ষেপ গ্রহণ কৰালৈ আমি অপেক্ষা কৰি আছিলো। তেওঁ এক উপযুক্ত প্রত্যুত্তৰ দিলে। সন্ত্রাসবাদীসকলক নিঃশেষ কৰা উচিত।’ একেদৰে আন এগৰাকী ভুক্তভোগী প্রগতি জাগদালেই কয়, ‘মোৰ সেন্দূৰ সন্ত্রাসবাদীসকলে মচাৰ পাছত এয়া উপযুক্ত প্রত্যুত্তৰ। এই অভিযানৰ নাম শুনাৰ লগে লগে মোৰ দুচকুৰে চকুপানী ওলায়। মই আন্তৰিকতাৰে চৰকাৰক ধন্যবাদ জনালো।’ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্রধানমন্ত্রী মোদীৰ নিৰীক্ষণত বুধবাৰে পুৱতি নিশা ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহে এই সামৰিক অভিযান চলায়।




































