আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

IMG 20250509 200347

সীমান্তত পাকিস্তানী সৈন্যৰে যুঁজি শ্বহীদ হ’ল সেনা জোৱান মুৰলী নায়ক।

LoCত হোৱা পাকিস্তানী সেনাৰ গুলিবর্ষণৰ প্ৰত্যুত্তৰ দি শ্বহীদ হ’ল ২৭ বছৰীয়া জোৱানজন।

লেন্স নায়ক দীনেশ কুমাৰৰ পাছত মুৰলী নায়ক হৈছে অপাৰেচন সিন্দূৰৰ দ্বিতীয়গৰাকী শ্বহীদ

অন্ধ প্ৰদেশৰ সত্য সাই জিলাৰ কালি ঠাণ্ডা গাৱত ঘৰ আছিল শ্বহীদ মুৰলী নায়কৰ ।

পাকিস্তানী সেনাক প্ৰত্যুত্তৰ দি আঠ মে’ৰ নিশা শ্বহীদ হয় মুৰলী নায়ক।

দেওবাৰে মুৰলী নায়কৰ পাৰ্থিৱ শৰীৰ পৈত্রিক গাৱলৈ অনা হ’ব।

মুৰলী নায়ক শ্বহীদ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে কান্দোনত ভাঙি পৰিছে সকলো

উল্লেখযোগ্য যে, কৃষক ৰাম নায়ক আৰু জ্যোতি বাইৰ একমাত্ৰ পুত্ৰ আছিল মুৰলী নায়ক।

Exit mobile version