India Pakistan Clash: :পাকিস্তানত ভাৰতৰ প্ৰতিশোধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ আৰম্ভ কৰিছে নতুন দিল্লীয়ে। বিশেষকৈ ঐতিহাসিক স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। লালকিল্লাৰ পৰা কুতুব মিনাৰলৈকে সকলোতে অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে।
ইতিমধ্যে তাজমহলৰ সন্মুখত নিৰাপত্তা সুদৃঢ় কৰা হৈছে। এইবাৰ আন আন ঐতিহাসিক আৰু পৰ্যটন স্থানতো বৃদ্ধি কৰা হৈছে আৰক্ষীৰ নিৰাপত্তা।
ইয়াৰ ওপৰিও চৰকাৰী কাৰ্যালয়ৰ পৰা যি ৰাস্তাৰ যানবাহন চলাচল অধিক হয়,সেইসমূহ অমিত শ্বাহৰ মন্ত্ৰকৰ অধীনত দিল্লী আৰক্ষীয়ে বিশেষভাৱে নজৰ দিছে।
শুকুৰবাৰে দিল্লী আৰক্ষীয়ে জনাইছে যে, চৰকাৰী কাৰ্যালয়, আদালত সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে।
আৰু যিহেতু লালকিল্লা আৰু কুতুব মিনাৰৰ দৰে ঠাইত পৰ্যটক আৰু স্থানীয় জনসমাগম বেছি, সেয়েহে তাতো দিল্লী আৰক্ষীয়ে বিশেষ দৃষ্টি ৰাখিছে।
উল্লেখ্য যে,‘অপাৰেচন সিন্দূৰ’ৰ পাছত পাকিস্তানে ‘প্ৰতিশোধ’ৰ পথত আগবাঢ়িছে। শুকুৰবাৰে পাকিস্তানী সেনাই আৱন্তীপোৰা, শ্ৰীনগৰ, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, বাথিণ্ডা, চণ্ডীগড় ইত্যাদি স্থানক ‘টাৰ্গেট’ কৰি লয় যদিও ভাৰতীয় সেনাৰ প্ৰতিৰোধৰ বাবে সেই প্ৰচেষ্টা ব্যৰ্থ হয়।
এনে পৰিপ্ৰেক্ষিতত দিল্লীৰ বিভিন্ন স্থানত এক সতৰ্কবাণী জাৰি কৰা হৈছে।