Baloch writer claims independence from Pak: পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ

বেলুচিস্তানৰ ভূমিত উৰিছে বেলুচৰ পতাকা, সন্ত্ৰাসবাদী পাকিস্তানৰ পতন ওচৰ চাপি অহাত বেলুচিস্তানৰ প্ৰখ্যাত লেখক মীৰ য়াৰ বালোচৰ দাবী

baloch

Baloch writer claims independence from Pak:

মঙলবাৰ আৰু বৃহস্পতিবাৰে নিশা ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ভূমিত সম্পন্ন কৰা ‘অপাৰেচন’ সিন্দূৰ‘ শীৰ্ষক আক্ৰমণৰ পিছতে পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ ঘনীভূত হৈছে। নিজ দেশৰে বেলুচিস্তানৰ ভূমিত উৰিছে বেলুচৰ পতাকা। বেলুচিস্তানৰ স্বাধীনতা পোষকতা কৰি অহা বেলুচ লিবাৰেশ্বন আৰ্মিৰ সমৰ্থনত বেলুচিস্তানৰ ঠায়েঠায়ে উৰাইছে বেলুচ নাগৰিকে উৰুৱাইছে বেলুচৰ পতাকা।

ADVERTISEMENT

বেলুচিস্তানৰ ভূমিৰ দীর্ঘ সময় ধৰি স্বাধীনতাৰ পোষকতা কৰি আহিছিল বেলুচিস্তানে ৷ শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কঠোৰস্থিতিৰ মাজতে বেলুচিস্তানৰ ভূমিৰ পৰা আঁতৰাই দিয়া হ’ল পাকিস্তানৰ পতাকা ৷ বেলুচ জয়ধ্বনিৰে মুখৰিত হৈছে আকাশ-বতাহ ৷ এনে উত্তেজনা বিৰাজ কৰাৰ মাজতে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতা দাবী কৰে প্ৰখ্যাত বেলুচ লেখক মীৰ য়াৰ বালোচে ৷

বিশেষ টুইট কৰি লেখক গৰাকীয়ে উল্লেখ কৰে যে আমি আমাৰ স্বাধীনতা দাবী কৰিছো আৰু ভাৰতক অনুৰোধ কৰিছো যে বেলুচিস্তানৰ চৰকাৰী কাৰ্যালয়, আৰু দিল্লীত থকা দূতাবাসৰ অনুমতি দিয়ক।

একেদৰে আমি ৰাষ্ট্ৰসংঘক বেলুচিস্তানৰ গণতান্ত্ৰিক গণৰাজ্যৰ স্বাধীনতাক স্বীকৃতি দিবলৈ আৰু ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰ বৈঠক আহ্বান কৰি স্বীকৃতিৰ বাবে আপোনালোকৰ সমৰ্থন আগবঢ়াবলৈও অনুৰোধ কৰিছো। তদুপৰি মুদ্ৰাৰ বাবে কোটি কোটি ধন মুকলি কৰিব লাগিব, আৰু পাছপ’ৰ্ট ছপা হ’ব লাগিব।

বেলুচ লেখক গৰাকীয়ে আৰু উল্লেখ কৰে যে ৰাষ্ট্ৰসংঘক আমিও আহ্বান জনাইছো যে তৎক্ষণাত বেলুচিস্তানলৈ শান্তি ৰক্ষী অভিযানকাৰী দল পঠাওক আৰু পাকিস্তানৰ দখলদাৰী সেনাক বেলুচিস্তানৰ ভূখণ্ড, আকাশমাৰ্গ আৰু সাগৰীয় এলেকা সহ কৰি বেলুচিস্তানত থকা সকলো অস্ত্ৰ-শস্ত্ৰ, আৰু সম্পত্তি এৰি দিবলৈ কওঁক ৷

লেখক গৰাকীয়ে আৰু কয় যে পাকসেনা, সীমান্ত কৰ্প, আৰক্ষী, সামৰিক চোৰাংচোৱা, আই এছ আই , আৰু অসামৰিক প্ৰশাসনৰ সকলো অ-বেলুচ কৰ্মীয়ে তৎক্ষণাত বেলুচিস্তান এৰিব লাগিব বুলিও সকীয়নি দিয়ে ৷ বেলুচিস্তানৰ নিয়ন্ত্ৰণ অতি সোনকালে স্বাধীন বেলুচিস্তান ৰাষ্ট্ৰৰ নতুন চৰকাৰৰ হাতত অৰ্পণ কৰা হ’ব আৰু অতি সোনকালে এখন সংক্ৰমণকালীন নিৰ্ণায়ক অন্তৱৰ্তীকালীন চৰকাৰ ঘোষণা কৰা হ’ব। মন্ত্ৰীসভাত বেলুচ মহিলাৰ প্ৰতিনিধিত্ব আমাৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা পূৰণ কৰা হ’ব ।

একেদৰে বেলুচিস্তানৰ স্বাধীন চৰকাৰৰ বিশেষ অনুষ্ঠান শীঘ্ৰে অনুষ্ঠিত হ’ব। আমাৰ বন্ধু দেশৰ মুৰব্বীক ৰাষ্ট্ৰীয় পেৰেডৰ সাক্ষী হ’বলৈ আৰু আমাক আশীৰ্বাদ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছো বুলিও উল্লেখ কৰে বেলুচ লেখক মীৰ য়াৰ বালোচে ।

Exit mobile version