Air pollution:বিশ্বৰ সন্মুখত থকা অন্যতম বৃহৎ প্ৰত্যাহ্বান হ’ল প্ৰদূষণ।এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দেশসমূহে অবিৰতভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ পাছতো বায়ুৰ গুণাগুণ উন্নত হোৱাৰ লক্ষণ কম!
ইয়াৰ প্ৰমাণ শেহতীয়াকৈ আইকিউএয়াৰ নামৰ চুইজাৰলেণ্ডৰ এয়াৰ গুণগত প্ৰযুক্তি কোম্পানী এটাই প্ৰকাশ কৰা এক অধ্যয়ন।
অধ্যয়ন অনুসৰি, ভাৰতে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিছে। অৱশ্যে ইয়াৰ চুবুৰীয়া দুখন দেশ পাকিস্তান আৰু বাংলাদেশ বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশৰ তালিকাৰ একেবাৰে শীৰ্ষত আছে।
১৩৮খন দেশৰ বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰৰ পৰা পোৱা পি এম ২.৫ পৰিসংখ্যা পৰীক্ষা কৰি এই অধ্যয়ন কৰা হৈছে। পি এম ২.৫ হৈছে আটাইতকৈ ক্ষতিকাৰক অণুবীক্ষণিক বায়ু প্ৰদূষক কণা, যিয়ে হাওঁফাওঁৰ বিভিন্ন জটিল ৰোগ সৃষ্টিৰ বাবে দায়ী।
হৃদৰোগ, হাঁপানী, কেন্সাৰ আদি ৰোগে মানুহক ক্ৰমান্বয়ে মৃত্যুৰ দিশে ঠেলি দিছে। বিশ্বজুৰি প্ৰতি ন জনৰ ভিতৰত এজনৰ মৃত্যুৰ বাবে বায়ু প্ৰদূষণ দায়ী।
জৰীপৰ প্ৰতিবেদনত বায়ুৰ গুণাগুণৰ ক্ষেত্ৰত ক্ৰমাৎ বৃদ্ধি পোৱা বৈষম্যৰ কথা পোহৰলৈ আহিছে। দেখা গৈছে যে দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ কিছু অংশ নগৰায়ন, উদ্যোগ বা জলবায়ুৰ বাবে বায়ু প্ৰদূষণৰ সন্মুখীন হৈছে।
কোনো কোনো ঠাইত কিছু উন্নতি হৈছে যদিও বেছিভাগ ঠাইতে বায়ু প্ৰদূষণৰ মাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।
২০২৪-২৫ চনৰ আইকিউএয়াৰৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশৰ তালিকাত বাংলাদেশ দ্বিতীয় স্থানত আছে। আৰু তাৰ ঠিক তলত তৃতীয় স্থানত আছে পাকিস্তান। অৱশ্যে পূৰ্বৰ বছৰৰ তুলনাত এই ৰেংকিঙত ভাৰতৰ সামান্য উন্নতি হৈছে।
যোৱা বছৰৰ তালিকাত তৃতীয় স্থানত আছিল ভাৰত, কিন্তু এইবাৰ পাঁচ নম্বৰলৈ নামিছে! এই ৰেংকিঙত প্ৰথম স্থানত আছে আফ্ৰিকাৰ দেশ চাড। আৰু চতুৰ্থ স্থানত আছে কংগো ডেম’ক্ৰেটিক ৰিপাব্লিক।
প্ৰতিবেদন অনুসৰি পাকিস্তানৰ গড় পি এম ২.৫ স্তৰ যথেষ্ট চিন্তনীয়।কিন্তু ভাৰতে কিছু অগ্ৰগতি লাভ কৰিলেও বিপদজনক অঞ্চলৰ কাষতে আছে।
আনহাতে নিউজিলেণ্ড আৰু ফিনলেণ্ডৰ দৰে দেশসমূহে শক্তিশালী পৰিৱেশ নীতিৰ বাবে প্ৰদূষণ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। এই সমীক্ষা প্ৰতিবেদনত বিশেষকৈ দক্ষিণ এছিয়াৰ দেশসমূহত বায়ু প্ৰদূষণক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে ।