Indian Army: জম্মুত ড্ৰোন আক্ৰমণৰ কেন্দ্ৰবিন্দু! সীমান্তৰ সমীপত উগ্ৰপন্থী লঞ্চপেড ধ্বংস কৰিলে ভাৰতীয় সেনাই
জম্মুত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে ভাৰতীয় সেনাই বৃহৎ অভিযান চলাইছে। বিগত দুদিন ধৰি জম্মু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণৰ আত্মগোপন স্থানক লক্ষ্য কৰি লৈছে ভাৰতে। ধ্বংস হৈ পৰে ড্ৰোন লঞ্চপেড।
ইয়াৰ উপৰিও নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে যি ঘাটিৰ পৰা গুলীচালনা কৰা হৈছিল, সেই ঘাটিটোও এই অভিযানত ধ্বংস হৈছিল। তথ্য অনুসৰি, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ভাৰতীয় সেনাই এই অভিযান চলাইছিল। প্ৰকাশ্যেত আহিছে লঞ্চপেড ধ্বংসৰ ভিডিঅ’।
বৃহস্পতিবাৰে নিশা শ শ ড্ৰ’ন আক্ৰমণ চলোৱাৰ পাছত শুকুৰবাৰে নিশা পাকিস্তানে জম্মু-কাশ্মীৰৰ পৰা গুজৰাটলৈকে ড্ৰ’ন আক্ৰমণ অব্যাহত ৰাখে।
সামৰিক সূত্ৰ অনুসৰি পাকিস্তানে দেশৰ ২৬ টা স্থানত ড্ৰ’ন আক্ৰমণ চলাইছে।ইয়াৰে অধিকাংশ আক্ৰমণ জম্মুত সংঘটিত হয়।
যদিও ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই পাকিস্তানী আক্ৰমণক প্ৰতিহত কৰে। তাৰ পাছত বহু ঠাইত বিস্ফোৰণৰ শব্দ শুনা যায়। এই আক্ৰমণৰ পাছত সেনাই পুৱাৰ ভাগত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিহত আক্ৰমণ চলায়।
উল্লেখ্য যে,পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে উগ্ৰপন্থীৰ সহযোগত ভাৰতৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰিছিল।
উগ্ৰপন্থীয়ে সেনাৰ সহায়ত সিটো পাৰে ড্ৰ’ন লঞ্চপেড নিৰ্মাণ কৰিছে। ৰাতি হোৱাৰ লগে লগে তাৰ পৰা শ শ ড্ৰোন ভাৰত অভিমুখে উৰা মাৰে।
তাত মাজনিশা সেনাই অভিযান চলায়। লঞ্চপেডৰ লগতে কেবাটাও পাকিস্তানী সামৰিক ঘাটি ধ্বংস কৰা হয়।
সেই ঘাটি আৰু লঞ্চ পেড ধ্বংস কৰাটো সেনাবাহিনীৰ বাবে এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে।