India-Pakistan ceasefire:
ভাৰত -পাকিস্তানৰ মাজত অব্যাহত থকা যুদ্ধ সদৃশ পৰিস্থিতি অব্যাহত থকাৰ মাজতে হঠাতে আজি যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে ৷ ড’নাল্ড ট্ৰাম্পে দুয়োপক্ষৰ ‘বাস্তৱিক প্ৰজ্ঞা’ক আদৰণি জনাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত উল্লেখ কৰে যে “আমেৰিকাৰ মধ্যস্থতাত মাৰাথন আলোচনাৰ অন্তত মই ঘোষণা কৰি আনন্দিত হৈছো যে ভাৰত আৰু পাকিস্তানে তাৎক্ষণিকভাৱে সম্পূৰ্ণ যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে।”
আনহাতে ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক নেতৃত্বক আদৰণি জনাই কয় যে, “দুয়োখন দেশকে নিজৰ সাধাৰণ জ্ঞান আৰু অসাধাৰণ চোৰাংচোৱাগিৰি ব্যৱহাৰ কৰাৰ বাবে অভিনন্দন”। এই বিষয়টোৰ প্ৰতি (যুদ্ধবিৰতি) মনোযোগ দিয়াৰ বাবে ধন্যবাদ!” পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মহম্মদ ইছহাক দাৰেও যুদ্ধবিৰতি সন্দৰ্ভত নতুন দিল্লী আৰু ইছলামবাদৰ মাজত একমত প্ৰকাশ কৰে।
আনহাতে মাৰ্কিন বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এক এক্স-প’ষ্টত যুদ্ধবিৰতি ঘোষণা কৰি লিখিছে যে, “ভ্যান্স (আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি) আৰু মই বিগত ৪৮ ঘণ্টাত ভাৰত আৰু পাকিস্তানৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কথা পাতিছো, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, পাকিস্তান সেনা প্ৰধান অসীম মুনীৰ, ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অসীম মালিক (আই এছ আই”ও আছে।” প্ৰধান)।” যুদ্ধবিৰতিৰ ফলত এনে হৈছে বুলিও তেওঁ কয়।
উল্লেখ্য যে এতিয়াৰে পৰা সন্ত্রাসবাদীৰ কাৰ্যকলাপ যুদ্ধ হিচাপে গণ্য কৰা হ’ব ৷ একেদৰে সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত কথাও সদৰি কৰে ভাৰতে ৷ ভাৰতৰ এই সিদ্ধান্তৰ পাছতে সামাজিক মাধ্যমত সদৰী কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ৷ আনহাতে ,আমেৰিকাৰ মধ্যস্থতাত ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণা | জল, স্থল আৰু আকাশেৰে আক্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইয়াৰ পাছতে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেল জৰিয়তে এই কথা স্পষ্ট কৰে।
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে বিয়লি পাঁচ বজাৰ পৰা ভাৰত-পাকিস্তানে পালন কৰিছে যুদ্ধবিৰতি। পাকিস্তানৰ ডিজিএমঅ’ৱে ভাৰতৰ স’তে যোগাযোগ কৰিছিল আৰু যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল। দুয়োপক্ষই পাঁচ বজাৰ পৰা যুদ্ধবিৰতিৰ সিদ্ধান্তত সন্মত হয়। সেইমৰ্মে জল, স্থল আৰু আকাশেৰে আক্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলো প্ৰকাৰৰ আক্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত দুয়ো পক্ষৰ। ১২ মে’ত ডিজিএমঅ’ পৰ্যায়ত হ’ব বৈঠক।